ABSU:
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই বিশেষ পদক্ষেপ গ্রহণ কৰি ৰাজ্যৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ অভিযন চলোৱাৰ সময়তে খিলঞ্জীয়া ভূমিপুৰলৈ বন বিভাগে প্ৰেৰণ কৰা উচ্ছেদৰ জাননীৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰে নিখিল বড়ো ছাত্র সন্থা (এবছু)ই। শুকুৰবাৰে ওদালগুৰি জিলা এবছুৰ কার্যালয়ত এক সংবাদমেলত সংগঠনটোৰ কেন্দ্রীয় সভাপতি দ্বীপেন বড়োৱে কয়, ‘ ১৭জুলাইত পূৰ্বৰ চতিয়া আৰু বৰ্তমানৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ পৰা প্রায় ৪০ টা পৰিয়ালক লক্ষ্য কৰি উচ্ছেদৰ জাননী প্রেৰণ কৰা হৈছিল।
আমি এই কথা বুজি পোৱা নাই কিয়নো ২০২০ৰ শান্তি চুক্তি অনুযায়ী ২০০৬ৰ বন অধিকাৰ আইনৰ অধীনত জনজাতিসকলক ভূমিপট্টা প্রদান বা বন স্বত্বাধিকাৰী প্ৰদানৰ কাম চলি আছে। আমাৰ দাবী অনুযায়ী বর্তমানলৈ শোণিতপুৰ জিলাৰ তিনি হেজাৰ আৰু বিশ্বনাথ জিলাৰ সাতৰ পৰা আঠ হেজাৰ পৰিয়ালক এই আইনৰ অধীনত ভূমিপট্টা প্রদান কৰা হৈছে। বিশ্বনাথত খুব কম সংখ্যক আছে আৰু শোণিতপুৰত এতিয়াও ন হেজাৰৰ অধিকে মাটিপট্টা পাবলৈ বাকী আছে।’
তেওঁ কয়, ‘যোৱা ছয় জুলাইত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বিটিআৰ চুক্তি পর্যালোচনাৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবক দুয়োখন জিলাৰ জিলা আয়ুক্তৰ স’তে কথা পাতি যিখিনি অমীমাংসিত হৈ আছে আৰু অধিক এফআৰচিত ভূমিপট্টা দিবলৈ বাকী আছে সেইসকলক অতি সোনকালে পট্টা প্ৰদানৰ নির্দেশ দিছিল।
এনে এটা সময়তে আচৰিত কথা যে জিলা দুখনৰ আঠটা বিধানসভা সমষ্টিৰ ভিতৰত কেৱল নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰ চেঙেলীমাৰীত এই উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। বিষয়টোক লৈ আমি এবছুৱে ৰাজ্যৰ শীর্ষতম বিষয়াক দৃষ্টি ৰখাৰ দাবী জনাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিলো। কিন্তু আমি দেখিছো যে নদুৱাৰ চাৰিদুৱাৰ অঞ্চলত বিশেষভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰে মানুহখিনিক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাটো অতিকৈ দুর্ভাগ্যজনক। আমি এই কাৰ্যৰ কঠোৰ ভাষাৰে গৰিহণা জনাইছো।’
তেওঁ কয়, ‘আমি ভূমিপুত্র জনজাতিসকলে সদায় নিজৰ অধিকাৰৰ বাবে মাত মাতি আহিছো। আমি জনজাতি বড়ো-কছাৰী মূলৰ ৰাইজে অসমতে যদি সুৰক্ষিতভাৱে থাকিব নোৱাৰো! এই অসমখনে আমাৰ ঠাই। এই ভূখণ্ডতে আমি জীয়াই থাকিব বিচাৰো, ২০০৬ৰ আইন অনুসৰিহে আমি নিজৰ অধিকাৰ বিচাৰিছো। চৰকাৰে নিজৰ দায়বদ্ধতাৰে কাম কৰি আছে। তেনেকুৱা সময়তে আমাৰ মনলৈ শংকা আহিছে যে আমি যদি অসমৰ বুকুত সুৰক্ষিত নহয়, ভাৰতৰ বুকুত সুৰক্ষিত নহয়, বড়ো-কছাৰী মূলৰ জনজাতীয় লোকসকলৰ আন কোনো দেশ নাই।
আমাৰ বাবে আন কোনো ৰাজ্য নাই।’ তেওঁ কয় যে সুৰক্ষিতভাৱে ভূমি অধিকাৰসহ জীয়াই থাকিব বিচাৰে জনজাতীয় লোকসকলে। তেওঁ কয়, ‘আমাক ৰাজনৈতিক ষড়যন্ত্ৰৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বর্তমানলৈকে এই উচ্ছেদ কার্য বন্ধ হৈ আছে যদিও কি স্বার্থত কোনে বন অধিকাৰ আইন অনুসৰি ভূমি পট্টা পোৱাৰ যোগ্য দৰিদ্ৰ পৰিয়ালকেইটাক এনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিলে?
আগন্তুক দিনবোৰত যদি পুনৰ এনে ঘটনা ঘটে, তেন্তে অহা বিধানসভা নির্বাচনত শোণিতপুৰ আৰু বিশ্বনাথৰ বড়ো জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা লোৱা আঠটাকৈ বিধানসভা সমষ্টিত যথেষ্ট প্ৰভাৱ পৰিব। আমি ইচ্ছা কৰিলে সেই সমষ্টিসমূহত জিকাবও পাৰো আৰু হৰুৱাবও পাৰো। উচ্ছেদৰ নামত এনে ধৰণৰ ষড়যন্ত্র কোনোপধ্যে মানি নলওঁ। ইয়াৰ উচিত বিচাৰ নদুৱাৰ সমষ্টিত দিয়া হ’ব। ষড়যন্ত্রকাৰীসকলক উচিত প্রত্যুত্তৰ দিবলৈ এবছু সাজু আছো।’
ইফালে, ৰাজ্যৰ বিভিন্ন প্রান্তত চলি থকা উচ্ছেদ সন্দর্ভত মন্তব্য কৰি এবছুৰ সভাপতি বড়োৱে কয়, ‘অসমত খিলঞ্জীয়া আৰু ভূমিপুত্ৰৰ অধিকাৰ সদায় সুৰক্ষিত থাকিব লাগিব। অসমৰ এই ভূমি খিলঞ্জীয়াৰ ভূমি, জনজাতিৰ ভূমি। গতিকে খিলঞ্জীয়া আৰু জনজাতীয় লোকৰ এই অঞ্চল সদায় সুৰক্ষিত কৰি ৰাখিব লাগিব। গতিকে বেআইনীভাবে গোৱালপাৰা, ধুবুৰীৰ লগতে বিভিন্ন অঞ্চলত দখল কৰি আছে, সেই ভূমিসমূহ চৰকাৰে আইন তথা উচ্চ-উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যি ব্যৱস্থা গ্রহণ কৰিছে তাক আমি আদৰণি জনাইছো;
কিন্তু তাৰ মাজতো মানৱতাৰ দৃষ্টি ৰাখিব লাগিব। উচ্ছেদৰ সময়ত দুষ্টচক্রই ঘৰ জ্বলোৱা, স্কুল জ্বলোৱা কার্য সংঘটিত কৰিছে, তাক আমি এবছুৱে গৰিহণা দিছো।’ এনে চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এবছুৰ সভাপতিজনে সংবাদমেলত উল্লেখ কৰে। এই সংবাদমেলত ওদালগুৰি জিলা এবছুৰ নেতা কর্ণেলিয়াছ দৈমাৰীও উপস্থিত থাকে।






























