Eviction Drive in Hailakandi:
ৰাজ্যত পুনৰ আৰম্ভ উচ্ছেদ অভিযান ৷ উজনি-নামনিৰ পিছত এইবাৰ বৰাকত উচ্ছেদ অভিযান। হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ হয় প্ৰশাসনৰ উচ্ছেদ অভিযান । ঘাৰমুড়া সংৰক্ষিত বনাঞ্চলৰ দামচৰা অঞ্চলত চলে অভিযান । ২৮০০ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৫২২টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰাৰ লক্ষ্যৰে এফালৰ পৰা ৩৫ খন বুলড’জাৰেৰে ভাঙি পেলোৱা হয় ইটোৰ পিছত সিটোকৈ বাসগৃহ সহ তামোলৰ বাৰী। ৷
ADVERTISEMENT
উল্লেখ্য যে প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত উচ্ছেদিতৰ হিয়াভগা কান্দোন । ২০০ বনকৰ্মীৰ উপস্থিতিত যুদ্ধংদেহি ৰূপত বৰাকত চলা সর্ববৃহৎ উচ্ছেদ অভিযানত নিয়োজিত হয় ১৫০০ৰ অধিক নিৰাপত্তাৰক্ষী ৷


































