Ganja Seized In Beharbari:
অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সহ বিভিন্ন নিচা জাতীয় সামগ্ৰী ৰমৰমীয়া সৰবৰাহ ৷ মহানগৰ আৰক্ষীয়ে এনে সৰবৰাহকাৰীৰ বিৰুদ্ধে চেগাচোৰোকাকৈ অভিযান অব্যাহত ৰখাৰ মাজতে শনিবাৰে আৰক্ষীৰ জালত পৰে দুৰ্ধৰ্ষ গাঞ্জা সৰবৰাহকাৰী ৷
বেহাৰবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বেহাৰবাৰী তিনিআলিৰ পৰা গাঞ্জাসহ আটক কৰে ইউছুফ আলীক ৷ নৰকাসুৰ পাহাৰৰ বাসিন্দা ইউছুফ আলীয়ে দীর্ঘদিন ধৰি গাঞ্জা ব্যৱসায় গোপনে চলাই আহিছিল ।
