GYM For Older People:
দৈনন্দিন কর্ম ব্যস্ততাৰ বাবে বহুতে শৰীৰ বা স্বাস্থ্যৰ প্ৰতি মন দিবলৈ সময় নাপায়। অৱশ্যে ইয়াকে লৈ আক্ষেপ কৰাৰ কোনো প্রয়োজন নাই বুলি ফিটনেছ বিশেষজ্ঞসকলে মন্তব্য কৰিছে। এনে বিশেষজ্ঞৰ মতে, ৬০ বছৰ পাছতো ইচ্ছা কৰিলে শৰীৰ চৰ্চা কৰিব পাৰি। যিসকলে ৮০ বছৰ বয়সতো সুস্থ-সবল হৈ থাকিব বিচাৰে, তেওঁলোকে ৫০ৰ পাছৰ পৰা নিয়মিতভাৱে শৰীৰ চৰ্চা কৰা উচিত।
এনে বয়সতো নিয়মিত শৰীৰ চৰ্চা কৰিলে দেহত একাধিক পৰিৱৰ্তন দেখা যায়। এনে পাঁচটা প্রধান পৰিৱৰ্তন হ’ল:
পেশীৰ ঘনত্ব: স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ৩০ বছৰৰ পাছত প্রতি ১০ বছৰৰ মূৰে মূৰে মানুহৰ পেশীৰ ঘনত্ব পাঁচৰ পৰা ১০ শতাংশকে হ্রাস পায়। কিন্তু নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিলে এই পৰিস্থিতিৰ উন্নতি সাধন ঘটাব পাৰি। এই ক্ষেত্ৰত উপকাৰী হ’ল স্ট্রেংথ ট্রেইনিং। কাৰণ ওজনসহ ব্যায়াম কৰিলে পেশীৰ ক্ষুদ্র তন্ত্র ফাটি যায়। কোষৰ বিভাজনৰ ফলত নতুন পেশীৰ ঘনত্ব আৰু বৃদ্ধি পায়।
অস্থিৰ সুৰক্ষাঃ বয়স বৃদ্ধিৰ লগে লগে হাড়ৰ ঘনত্ব হ্রাস পায়। মহিলাসকলৰ ক্ষেত্ৰত মেন’পজৰ পাছৰ পৰা অস্থিৰ ঘনত্ব ২০ শতাংশ পর্যন্ত হ্রাস পাব পাৰে। শৰীৰ চৰ্চা কৰিলে অস্থিৰ ওপৰত চাপ সৃষ্টি হয়। ফলত অস্থিৰ ঘনত্ব বৃদ্ধি পায়।
মগজুৰ স্বাস্থ্য: বয়স বৃদ্ধিৰ সময়ত নিয়মিত শৰীৰ চৰ্চা কৰিলে ‘ব্রেইন ফগ’ দূৰ হৈ চিন্তাশক্তি, স্মৃতিশক্তি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি নিয়মিত শৰীৰ চৰ্চাই ডিমেচিয়াও প্ৰতিৰোধ কৰিব পাৰে।
পেটৰ স্বাস্থ্য: নিয়মিতভাৱে শৰীৰ চৰ্চা কৰিলে বয়স্ক ব্যক্তিসকলে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। তদুপৰি নিয়মিত শৰীৰ চৰ্চাই দেহত ইনচুলিনৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। আনকি নিয়মিত শৰীৰ চৰ্চাই দেহৰ ওজনো নিয়ন্ত্ৰণত ৰাখে।
