NEMSU BADRUL ISLAM ON BODO FAMILY EVICTION:
ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতিশীঘ্ৰে বন্ধ কৰক উচ্ছেদৰ উৎসৱ | মানুহে পাপ লাগিব বুলি পাৰৰ বাহো ভাঙি নিদিয়ে | কিন্তু হিমন্তই অমানৱীয় ভাবে এফালৰ পৰা ভাগি দিছে একাংশৰ ঘৰ | এদিন হলেও ইয়াৰ ফল ভূগিব হিমন্তই | শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৪০ টাকৈ বড়ো সম্প্ৰদায়ৰ লোকক উচ্ছেদৰ জাননী দিয়াক লৈ ক্ষোভ নেমছুৰ কেন্দ্রীয় সভাপতি বদৰুল ইছলামৰ |
নেতাগৰাকীয়ে কয় যে, অকল মুছলমানক এইখন চৰকাৰে টাৰ্গেট কৰা বুলি আমি ভবা কথা ভুল আছিল | এই চৰকাৰ খনে এতিয়া ভূমিপুত্র বড়ো ভাইসকলৰ গাতো হাঁত দিয়াৰ চেষ্টা কৰিছে | যোৱা কিছুদিন ধৰি যি উচ্ছেদ চলিছে তাত আমিও সমর্থন জনালো হয় | যদিহে উচ্ছেদিত লোকক আগতিয়াকৈ দিলে হয় সংস্হাপন | কিন্তু আগতীয়াকৈ সংস্হাপন নিদি নির্দয়ভাৱে ভাগি দিয়া হল উচ্ছেদিতৰ ঘৰ | যি ঘটনা চৰম দুভাগ্যজনক | মন্তব্য কেন্দ্রীয় সভাপতিগৰাকীৰ |






























