Uriamghat Eviction:
গোলাঘাট- নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াঘাটত ৰাজ্যৰ বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন ৷ ইতিমধ্যে মাৰাথন জৰিপ চলাইছে প্ৰশাসনে ৷ ৪ দিন সম্পূৰ্ণ হল জৰীপ চলোৱাৰ ৷ উল্লেখ্য যে,মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলত ভিডিঅ’ ফুটেজ দেখুৱাই কেনেদৰে উৰিয়াঘাটৰ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি বেদখলকাৰীয়ে বৃহৎ বৃহৎ তামোলৰ বাগিছা গঢ়ি তুলিছে ৷ আনকি এজন এজন লোকে ছয় বিঘা মাটি দখল কৰিছে ৷
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আৰু উল্লেখ কৰিছিল যে নগাঁৱৰ ধিং,মৰিগাঁৱৰ লাহৰিঘাট আদি অঞ্চলৰ পৰা জাকে জাকে লোক বাছেৰে আহি গোলাঘাটৰ কেতবোৰ চৰকাৰী ভূমি দখল কৰি জনগাঁথনি সলনি কৰাৰ প্ৰয়াস কৰিছে ৷
মনকৰিবলগীয়া যে,সৰুপথাৰৰ উৰিয়ামঘাটত থিতাপি লোৱা এজন নাম প্ৰকাশত অনিচ্ছুক বেদখলকাৰীয়ে কয়,তেওঁলোক বহুতেই মধ্য অসমৰ লাহৰিঘাট,ধিং,মৈৰাবাৰী,বটদ্ৰৱা আদি অঞ্চলৰ পৰা ২০ বছৰ পূৰ্বে ইয়ালৈ আহিছিল ৷ তেওঁলোকৰ ইয়াৰ ভোটাৰ নহয় ৷ কিন্ত তেওঁলোকে ভোটদান কৰে লাহৰিঘাটত ৷
প্ৰথমে হাজিৰা আদি কৰিছিল যদিও পিছত অঞ্চলটোৰ বিঘা বিঘা মাটি দখল কৰি তামোলৰ বাগিছা গঢ়ি তুলিছে ৷ তেওঁলোকৰ সন্তান সকলে সীমান্তৰ্ৱতী নাগালেণ্ডৰ লোকৰ মাটিত পাচলি খেতি কৰি পৰৱৰ্তী সময়ত সেই পাচলি উজনিৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি জীৱননিৰ্বাহ কৰি আহিছে ৷
উল্লেখ্য যে বেদখলকাৰী সকলৰ বহুতৰে পুত্ৰ-বোৱাৰী এতিয়াও ধিং,মৈৰাবাৰীতে বসবাস কৰিছে। যিকোনো নিৰ্বাচন হ’লেও উৰিয়ামঘাটৰ পৰা ৰাওনা হয় ধিং,মৈৰাবাৰী আৰু লাহৰিঘাটৰ ৷
