প্রয়াত ‘ডন’-ৰ পৰিচালক চন্দ্র চন্দ্ৰ বৰোট, বলীউডত শোকৰ ছাঁ 

images 14 3

Chandra Barot:✒️বলীউডৰ কিংবদন্তি ছবি ‘ডন’ৰ পৰিচালক চন্দ্ৰ বৰোটৰ দেহাৱসান ।দেওবাৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যুৰ খবৰ আজি ভাৰতীয় সংবাদ মাধ্যমত নিশ্চিত কৰে পৰিচালকৰ পৰিয়ালে।

আজি তেওঁৰ মৃত্যুৰ পাছত ভাৰতীয় সংবাদ মাধ্যমৰ আগত পৰিচালকৰ পত্নীয়ে কয় , “যোৱা সাত বছৰ ধৰি তেওঁ ‘পালমোনাৰী ফাইব্ৰ’ছিছ’ত আক্ৰান্ত আছিল। যোৱা কেইদিনমানৰ পৰা তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। চিকিৎসা চলি আছিল। কিন্তু তেওঁক বচাব পৰা ন’গল।”

দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে।বলীউডৰ জনপ্ৰিয় ছবি ‘ডন’, ১৯৭৮ চনত, যিয়ে তেওঁৰ হাতেৰে বলীউডত এক মাইলৰ খুঁটি সৃষ্টি কৰিছিল।

আজিও সেই ছবিখনৰ গীত আৰু সংলাপ প্ৰতিজন চিনেমাপ্ৰেমীৰ মুখত আছে। আজি সেই সৃষ্টিকৰ্তাৰ মৃত্যুত মৰ্মাহত বলীউড।

Exit mobile version