ৰাজনীতি এৰি পুনৰ ধাৰাবাহিকত স্মৃতি ইৰাণী 

images 15 2

Kyunki Saas Bhi Kabhi Bahu Thi:অভিনেত্ৰীৰ পৰা বিজেপি সাংসদ। তাৰ পাছত কেন্দ্রীয় মন্ত্রী। স্মৃতি ইৰাণীৰ জীৱনত উত্থান-পতনো কম নাছিল।’কিউ কি ছাছ ভি কভি বহু থি’ ধাৰাবাহিকৰ মাধ্যমেৰেই তেওঁ প্ৰচুৰ জনপ্রিয়তা অর্জন কৰিছিল।

হিন্দী ধাৰাবাহিকত কিংবদন্তিত পৰিগণিত হৈ পৰিছে স্মৃতি ইৰাণী ৰূপায়ণ কৰা ‘তুলসী’ চৰিত্ৰটো। একেৰাহে আঠ বছৰ ধৰি এই ধাৰাবাহিকখন চলিছিল। আকাশলংঘী জনপ্রিয়তা অর্জন কৰিছিল যদিও পাৰিশ্ৰমিক আছিল সামান্য।

সেই ‘কিউ কি ছাছ ভি কভি বহু থি’ ধাৰাবাহিকৰে ২৫ বছৰ সম্পূৰ্ণ হ’ল। পুনৰ ধাৰাবাহিকখন টিভিৰ পর্দালৈ উভতি অহাৰ বাবে সাজু হৈছে। সেই ধাৰাবাহিকৰ জৰিয়তেই পুনৰ ধাৰাবাহিকত অভিনয় কৰিব স্মৃতিয়ে।

প্রাপ্ত তথ্য অনুসৰি, ধাৰাবাহিকখনৰ দ্বিতীয় অধ্যায়ৰ বাবে হেনো স্মৃতিয়ে প্ৰতিটো খণ্ডৰ বাবদ ১৪ লাখ টকা লাভ কৰিব।

উল্লেখ্য যে ‘কিউ কি ছাছ ভি কভি বহু থি’ত প্রথম অভিনয় কৰাৰ সময়ত স্মৃতিয়ে দৈনিক লাভ কৰিছিল মাত্র ১৮০০ টকা। অটোত উঠি শুটিং কৰিবলৈ যাবলগীয়া হৈছিল।

এতিয়া অৱশ্যে সেইবোৰ অতীত। এই বছৰতে ধাৰাবাহিকখনৰ দ্বিতীয় অধ্যায় আৰম্ভ হ’ব। এই মাহৰ পৰাই সম্প্ৰচাৰ হোৱাৰ কথা।

বিগত লোকসভা নির্বাচনত স্মৃতি পৰাজিত হৈছিল। সেয়ে অভিনয় কৰাৰ বাবেও হাতত এতিয়াপর্যাপ্ত সময় আছে। লগতে তেওঁ পৰিগণিত হৈছে ভাৰতৰ সর্বাধিক পাৰিশ্রমিকপ্রাপ্ত টিভি অভিনেত্রীত। ইয়াৰ পূৰ্বে টিভিৰ কোনো অভিনেত্ৰীয়ে প্ৰতিটো খণ্ডৰ বাবদ ১৪ লাখ টকা পোৱা নাছিল।

Exit mobile version