Vietnam:✒️ভিয়েটনামত ভয়ংকৰ জাহাজ দুৰ্ঘটনা। বিখ্যাত হালং উপসাগৰত ডুবিল এখন যাত্ৰীবাহী জাহাজ । দুৰ্ঘটনাটোত এতিয়ালৈকে ৩৪ গৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধান নাই বহুতৰে।
যুদ্ধকালীন তৎপৰতাত চলিচে উদ্ধাৰ অভিযান।ভিয়েটনামী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, জাহাজখনত ৪৮ জন পৰ্যটক আৰু পাঁচজন ক্ৰু আছিল।
শনিবাৰে দুপৰীয়া স্থানীয় সময় অনুসৰি এক বাজি ৪৮ মিনিটত জাহাজখন ডাওগু গুহাৰ ওচৰত দুৰ্যোগৰ কৱলত পৰে । প্ৰচণ্ড ঢৌ আৰু প্ৰচণ্ড বতাহৰ ফলত নাওখন হঠাতে উলটি যায়।
তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হয়। সূত্ৰ অনুসৰি এই পৰ্যন্ত কমেও ৩৪ গৰাকী পৰ্যটকৰ মৃত্যু হৈছে ইয়াৰে বহুতেই শিশু। অৱশ্যে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে ১১ জন।
অৱশ্যে আন আঠ জন যাত্ৰীৰ সন্ধান এতিয়াও পোৱা নাই। তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে নিশা উদ্ধাৰ অভিযান স্থগিত ৰখা হয়।
দেওবাৰে পুৱা পুনৰ আৰম্ভ হয় উদ্ধাৰ অভিযান ।ঘটনাটোত শোক প্ৰকাশ কৰিছে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনে।লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে।






























