Bhootnath Murder Case Update:ভূতনাথৰ হত্যাকাণ্ডৰ ডেৰ মাহৰ পাছত উত্তৰপ্ৰদেশৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ

মূৰত গধুৰ সামগ্ৰীৰে আঘাত কৰি হত্যা কৰা হৈছিল সুনীল কুমাৰ শ্বাহক

lll

Bhootnath Murder Case Update:

মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তর্গত ভূতনাথৰ  কালীপুৰত ৩০ মে’ত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনাত জড়িত থকা অভিযোগত আৰক্ষীয়ে ‘উত্তৰপ্ৰদেশৰ পৰা এজনক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ প্ৰায় ডেৰ মাহৰ পাছত উত্তৰপ্ৰদেশ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে মং ৰাগঞ্জত অভিযান চলাই সুনীল হৰিজন (৩২) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে উল্লিখিত দিনত অঞ্চলটোৰ এটা ভাড়াঘৰত বিহাৰৰ সুনীল কুমাৰ শ্বাহ (৫০) নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্রাথমিক তদন্তত আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে মদৰ আড্ডাৰ মাজত কোনো কথাক লৈ অচিনাক্ত সতীথই লোকজনক হত্যা কৰিছিল।

ঘটনাক্রমে বিদ্যুতৰ মেৰামতি কাম কৰা সুনীলে কালীপুৰৰ এঘৰত ভাড়াতীয়াৰূপে আছিল আৰু ভাড়াঘৰটোত নিতৌ সুৰাৰ আড্ডা বহিছিল। উক্ত দিনা এনে আড্ডাৰ মাজতে এই ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে সদৰী কৰিছিল যে লোকজনৰ মূৰত গধুৰ সামগ্ৰীৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল। ঘটনাস্থলীৰ কাষৰ পৰা মদৰ বটল উদ্ধাৰ কৰা হৈছে। ঘাতকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰু শেষত জালত পেলাবলৈ সক্ষম হয় |

Exit mobile version