Firing Incident in Tangla:
এক চাঞ্চল্যকৰ ঘটনা৷ হাঁহৰ মাংসক লৈ সংঘটিত হয় গুলীচালনা ঘটনা ৷ হাঁহৰ মাংস নবনাও বুলি কোৱাৰ বাবেই বন্ধুক গুলীয়ালে বন্ধুৱে ৷ এই ঘটনা সংঘটিত হয় ওদালগুৰি জিলাৰ টংলাৰ হাতীবন্ধাত ৷
ADVERTISEMENT
গুলীচালনাত আহত হয় ৰেৱ বড়ো আৰু কুলেন বড়ো নামৰ দুই যুৱক ৷ আনহাতে গুলীচালনা কৰা গোলাপ বড়োক ৰাইজেক ৰায়ত্ত কৰি চমজাই দিয়ে টংলা আৰক্ষীক ৷ উল্লেখ্য যে,আহত আৰু কৰায়ত্ত হোৱা তিনিও যুৱক অভিন্ন বন্ধু আছিল ৷ তিনিও সুৰামত্ত অৱস্থাত আছিল |






























