Forest officer suspended in Uriamghat:
নামনি অসমৰ পিছত এইবাৰ চৰকাৰে উচ্ছেদ চলাব উজনিত ৷ গোলাঘাটৰ অসম- নাগালেণ্ড সীমান্তৰ্ৱতী উৰিয়ামঘাটত ৩০০০ হেজাৰ বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান ৷ ইতিমধ্যে বনবিভাগ আৰু ৰাজহ বিভাগৰ বিষয়াই বেদখলকাৰীৰ ঘৰে ঘৰে চলাইছে জৰীপ ৷ একেদৰে বিশেষ ড্ৰোণৰ সহায়তো কৰা হৈছে জৰীপ ৷
ADVERTISEMENT
এই জৰীপ অব্যাহত থকাৰ মাজতে সংঘটিত হয় এক ঘটনা ৷ জৰীপৰ বা-বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক এজন বন বিষয়াই অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হয় । যাৰ ফলস্বৰূপে গোলাঘাট সংমণ্ডল বন বিষয়াই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জামুগুৰি খণ্ড বন বিষয়া কূলদীপ বর্মনক নিলম্বন কৰে ৷































