KCMSS Protest:
‘উচ্ছেদিত ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ দিয়া নহ’ব। উচ্ছেদিত ভূমিহীন নাগৰিকক পুনৰ সংস্থাপন দিয়াৰ লগতে চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা লোকক মাটিৰ অধিকাৰ তথা জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবই লাগিব। চৰকাৰে যদি উচ্ছেদিত লোকসকলৰ সমস্যা সমাধান নকৰে, তেনেহ’লে চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভহোৱা অনির্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী সমগ্ৰ ৰাজ্যজুৰি আৰম্ভকৰা হ’ব।’ এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আশ্রাফুল ইছলামৰ। চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাৰ উচ্ছেদিত ১২শ পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত চাপৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত যোৱা ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা কৃষক-ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ অনির্দিষ্টকালীন
অৱস্থান ধৰ্মঘটৰ চতুৰ্থ দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক নেতাজনে এইদৰে কয়। লগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি নাজিমুল হক আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্রীয় সহকাৰী সম্পাদক আখতাৰ হুছেইনে কয় যে উচ্ছেদিত গৃহহীন ভাৰতীয় নাগৰিকসকলৰ ম’বাইল ফোনত প্রশাসনে এটাকৈ বার্তা প্ৰেৰণ কৰিছে আৰু উক্ত লিংকত ক্লিক কৰিলেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কোনোপধ্যেই কৰ্তন কৰিবলৈ দিয়া নহ’ব আৰু চৰকাৰে পুনৰ সংস্থাপন নিদিয়াকৈ এই আন্দোলন কার্যসূচী চলি থাকিব বুলি তেওঁলোকে হুংকাৰ দিয়ে। চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাৰ প্রত্যেকটো উচ্ছেদিত পৰিয়ালক শীঘ্ৰেই পুনৰ সংস্থাপিত কৰাৰ দাবীত চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ অনির্দিষ্টকালীন অৱস্থান ধর্মঘট কাৰ্যসূচীৰ আজিৰ চতুৰ্থ দিনাৰ কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে বহুসংখ্যক উচ্ছেদিত ৰাইজে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা আঠ জুলাইত চাপৰ ৰাজহ চক্ৰৰ অন্তর্গত উল্লিখিত গাঁও তিনিখনত প্রশাসনে ৰাজ্যৰ বৃহত্তম উচ্ছেদ অভিযান চলাই ১২শ পৰিয়ালক উচ্ছেদ কৰি আদানীৰ তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে প্রায় ৩৫শ বিঘা মাটি বেদখলমুক্ত কৰিছিল।






























