Cooking oils:✒️ৰাজ্যৰ বজাৰত নিশাৰ ভিতৰতে দাম বৃদ্ধি হ’ল মিঠাতেলৰ। বজাৰৰ পৰিচিত প্ৰতিটো ব্ৰেণ্ডৰ মিঠাতেলৰ মূল্য লিটাৰত ১৫ টকা পর্যন্ত বৃদ্ধি হ’ল।
ৰাজ্যৰ নিয়ন্ত্রণহীন বজাৰ ব্যৱস্থাত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উর্ধ্বমুখী বজাৰ দৰৰ মাজতে মিঠাতেলৰ দামৰ এই বৃদ্ধিয়ে গ্ৰাহকৰ মূৰত যেন নতুনকৈ এক মাধমাৰ শোধালে।
এই মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত মিঠাতেলৰ বৃহৎ পাইকাৰী ব্যৱসায়ী সূত্রই কয় যে এই সময়ত তেল উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে সৰিয়হ ক্ৰয় কৰি সম্পূৰ্ণৰূপে গুদামত জমা কৰিছে। ভৱিষ্যতৰ দিনৰ বাবে কৰা এনে মজুতকৰণৰ প্ৰভাৱ পৰিছে তেলৰ উৎপাদনত।
বৃহৎ প্রতিষ্ঠানবোৰৰ কৌশলপূর্ণ এই ব্যৱস্থাত বজাৰত সৰিয়হৰ নাটনি হৈছে। এই নাটনিকে দেখুৱাই প্রতিষ্ঠানবোৰে তেল উৎপাদনৰ পৰিমাণ সাময়িকভাৱে হ্রাস কৰিছে।
উৎপাদন হ্রাস হোৱাৰ বিপৰীতে চাহিদা একেই থকাত বজাৰৰ সূত্র অনুসৰি দাম বৃদ্ধি কৰিছে। প্রসংগক্রমে সূত্ৰটোৱে কয় যে অসমত প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপাদন হয়। বৃহৎ বৃহৎ তেল উৎপাদনকাৰী প্ৰতিষ্ঠানৰ বাবে অসম সৰিয়হৰ অন্যতম ক্রয় ক্ষেত্র হৈ আহিছে।
অসমৰ কৃষকৰ পৰা ইতিমধ্যে সৰিয়হ ক্ৰয় কৰি মজুত কৰিছে প্রতিষ্ঠানবোৰে। সেই মজুতৰ বিপৰীতে সম্প্ৰতি মুকলি বজাৰত সৰিয়হৰ অভাৱ ঘটা বুলি দেখুওৱা হৈছে। যিখিনি সৰিয়হ মুকলি বজাৰত এতিয়াও আছে, তাৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণ দর্শাই তেলৰ দাম বৃদ্ধি কৰা হৈছে।
ইয়াৰ বিপৰীতে সৰিয়হ উৎপাদক প্ৰকৃততে কিমান লাভৱান হৈছে, সেয়া এক প্ৰশ্নৰ বিষয়। এইবাৰ অসমৰ বাদে সৰিয়হ উৎপাদন কৰা দেশৰ আগশাৰীৰ কে’বাখনো ৰাজ্যত পলমকৈ ফচল পোৱা যায়। পলমকৈ হোৱা উৎপাদনেও বজাৰত প্ৰভাৱ পেলায়।
ইয়াৰো সুযোগ লৈছে তেল উৎপাদন কৰা প্ৰতিষ্ঠানবোৰে। অসমৰ উপৰি ৰাজস্থান আৰু উত্তৰ প্ৰদেশত প্ৰচুৰ পৰিমাণে সৰিয়হ উৎপাদন হয়। কিন্তু দুয়োখন ৰাজ্যত এইবাৰ বতৰৰ প্ৰভাৱত উৎপাদনৰ সময় পিছুৱাই যায়।
বৃহৎ পাইকাৰী ব্যৱসায়ী সূত্ৰটোৱে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ দুটা সংস্থা নাফেড আৰু হাফেডে এইবাৰ সৰিয়হ যথেষ্ট পৰিমাণে ক্রয় কৰে। ইয়াৰ প্ৰভাৱো সৰিয়হৰ বজাৰত পৰে। চৰকাৰী সংস্থা দুটাই সৰিয়হ ক্ৰয় কৰাৰ ফলত বজাৰত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে, তাৰ ওপৰত চৰকাৰে গুৰুত্ব নিদিলে।
যাৰ পৰিণাম এতিয়া তেলৰ মূল্যৰ জৰিয়তে সাধাৰণ গ্রাহকে ভুগিবলগীয়া হৈছে।অসমৰ বজাৰত ইঞ্জিন, ধাৰা, অনুপম আদি ব্ৰেণ্ডৰ তেল সৰ্বাধিক চলে। ইঞ্জিন তেলৰ প্ৰতি লিটাৰৰ মূল্য ১৯০ৰ পৰা ২১০ টকালৈ বৃদ্ধি হৈছে। ধাৰাৰ মূল্যও ১৮০ৰ পৰা ১৯৫ টকালৈ।
অনুপম তেলৰ মূল্যও প্রতি লিটাৰত ১৮০ৰ পৰা ১৯৫ টকালৈ বৃদ্ধি হৈছে। এনেদৰে বজাৰত আন যিবোৰ ব্ৰেণ্ডৰ তেল উপলব্ধ হয়, তাৰ প্ৰতিবিধৰে মূল্য নিশাৰ ভিতৰতে বৃদ্ধি হৈছে। এই মূল্যবৃদ্ধিয়ে গ্রাহকক যিদৰে মাধমাৰ শোধাইছে, খুচুৰা ব্যৱসায়ীসকলো একে যন্ত্ৰণাৰ সন্মুখীন হৈছে।
গুৱাহাটীৰ বেহাৰবাৰীৰ পৰিচিত ব্যৱসায়িক প্ৰতিষ্ঠান ডেকা ব্ৰাডাৰ্ছৰ গৰাকী সঞ্জীৱ ডেকাই কয় যে নিয়মীয়া গ্রাহকসকলকে তেওঁলোকে এনে মূল্যবৃদ্ধিক লৈ উপর্যুপৰি প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে। অথচ তেওঁলোকৰ হাতত উত্তৰ একো নাই। পাইকাৰী ব্যৱসায়ীৰ পৰা তেওঁলোকে সামগ্রী ক্রয় কৰে আৰু খুচুৰা গ্ৰাহকক বিক্ৰী কৰে।
পাইকাৰী ব্যৱসায়ীয়ে তেওঁলোকৰ পৰা অধিক মূল্য আদায় কৰিছে আৰু তেওঁলোকেও গ্রাহকক অধিক মূল্যত বিক্রী কৰিবলগীয়া হৈছে। পাইকাৰী ব্যৱসায়ীৰ লগত খুচুৰা গ্ৰাহকৰ সম্পৰ্ক নাই। গতিকে তেওঁলোকে গ্রাহকক উত্তৰ দিব নালাগে। তেল উৎপাদনকাৰী প্রতিষ্ঠানবোৰে নিজৰ খেয়াল-খুচিমতে কাম কৰাৰ পৰিণাম ভুগিবলগীয়া হৈছে খুচুৰা গ্ৰাহকে।






























