Ahmedabad Airport:✒️আহমেদাবাদ বিমানবন্দৰত বোমাৰ আতংক! ভাবুকিপূৰ্ণ ইমেইলৰ পাছত বিমানবন্দৰত আতংক বিয়পি পৰে। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী, বোমা স্কোয়াড, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।
বিমানবন্দৰত অনুসন্ধান চলিছে। তথ্য অনুসৰি, মঙলবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ এটা ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছে।
য’ত লিখা আছিল, “বিমানবন্দৰৰ ভিতৰত বোমা স্থাপন কৰা হৈছে। বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হ’ব।”
বিষয়টো পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হ’ল। নিৰাপত্তাৰ কথা মনত ৰাখি সমগ্ৰ বিমানবন্দৰৰ চৌহদ খালী কৰা হ’ল। আৰক্ষী, বোমা স্কোয়াড, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়।
সূত্ৰ অনুসৰি,বিষয়টো পোহৰলৈ অহাৰ লগে লগে আতংকৰ সৃষ্টি হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিমানবন্দৰৰ চৌহদ খালী কৰা হয়।
আৰক্ষী, বোমা স্কোয়াড, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়। সূত্ৰ অনুসৰি সমগ্ৰ বিমানবন্দৰত ইতিমধ্যে কম্বিং চাৰ্চ আৰম্ভ হৈছে। অৱশ্যে তাত এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই।






























