Pinarayi Vijayan:✒️কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ বাসগৃহত বোমাৰ আতংক! তথ্য অনুসৰি ইমেইলৰ জৰিয়তে এটা ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছে। ইয়াৰ পাছতে আতংকৰ সৃষ্টি হয়। ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে আৰক্ষী আৰু বোমা স্কোয়াড।
আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হয়। য’ত লিখা আছিল, “বিজয়নৰ বাসগৃহত বোমা স্থাপন কৰা হৈছে। বিস্ফোৰণত সমগ্ৰ বাসগৃহটো ধ্বংস হ’ব। বহু লোকৰ মৃত্যু হ’ব পাৰে।”
ইমেইলটো পোৱাৰ পাছতেই চাৰিওফালে আতংকৰ সৃষ্টি হয়। এই তথ্য লাভ কৰাৰ লগে লগে থাম্পানুৰ থানাৰ বোমা স্কোয়াড আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়।
ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে। শেহতীয়া খবৰ অনুসৰি তাত এতিয়ালৈকে বোমাটোৰ কোনো তথ্য পোৱা নাই। প্ৰসংগক্ৰমে এই মুহূৰ্তত কেৰালাত উপস্থিত নাই মুখ্যমন্ত্ৰী বিজয়ন। চিকিৎসাৰ বাবে তেওঁ আমেৰিকাত আছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে তদন্তকাৰীয়ে এই ভাবুকিপূৰ্ণ ইমেইলৰ উৎসৰ সন্ধান উলিয়াইছে। যদিও এতিয়াও ৰাজহুৱা কৰা হোৱা নাই, তথাপিও ইমেইলত থকা নামটো ভুৱা হোৱাৰ সম্ভাৱনা আছে বুলি তদন্তকাৰীয়ে অনুমান কৰে।






























