পঞ্জাৱত সীমা অতিক্ৰম কৰা একাধিক চোৰাংচোৱাগিৰিৰ প্ৰচেষ্টা বিফল কৰিলে বিএছএফে, 

উদ্ধাৰ ড্ৰ’ন আৰু হেৰ’ইন

Drone Squadron Border Security Prep

Punjab: ✒️মঙলবাৰে বিয়লি অমৃতসৰত ভাৰত-পাকিস্তান সীমান্তত নিচাজাতীয় দ্ৰব্য কঢ়িয়াই অনা পাকিস্তানৰ দুখন ড্ৰোন সফলতাৰে আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।

উন্নত কাৰিকৰী প্ৰতিহত ব্যৱস্থা ব্যৱহাৰ কৰি বি এছ এফৰ সৈন্যই ধনোৱে কালান গাঁৱৰ সমীপত দুয়োখন ড্ৰ’ন নিষ্ক্ৰিয় কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জব্দ কৰা হৈছে সামগ্ৰীসমূহৰ ভিতৰত আছে দুখন DJI Mavic 3 Classic ড্ৰোন আৰু মুঠ ১.১৩০ কেজি ওজনৰ দুটা হেৰ’ইন পেকেট।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বি এছ এফে এই অভিযানৰ সফলতাৰ কাৰণ উচ্চ প্ৰযুক্তিৰ চোৱাচিতা ব্যৱস্থা আৰু সীমান্তৰ কৰ্মীৰ সতৰ্কতা বুলি কয়।

বিবৃতিটোত কোৱা হৈছে যে,এই সফল উদ্ধাৰকাৰ্য শক্তিশালী প্ৰযুক্তিগত ব্যৱস্থাৰ সহযোগিতা আৰু পাকিস্তান ভিত্তিক ড্ৰাগছ ছিণ্ডিকেটৰ পৰিকল্পনা বিফল কৰাৰ ক্ষেত্ৰত বি এছ এফৰ সৈন্যৰ অটল সজাগতাক প্ৰতিফলন ঘটায়।

Exit mobile version