India:
ভাৰতৰ ভূখণ্ড দুটা ভাগত বিভক্ত হোৱাৰ উপক্ৰম ঘটিছে। এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে একাংশ ভূতত্ত্ববিদে। আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নৰ অলপতে অনুষ্ঠিত সম্মিলনত উত্থাপন হোৱা এক অধ্যয়নপত্ৰত কোৱা হৈছে যে ভাৰতীয় শৈল মণ্ডলীয় ভূত্বকীয় ফলকৰ তৰপৰ মাজত ব্যৱধানৰ সৃষ্টি হৈছে; অর্থাৎ শৈল মণ্ডলীয় ফলকৰ নিম্ন অংশত ফাট মেলিছে আৰু এই অংশ পৃথিৱীৰ খোলাটোত সোমাই পৰিছে।
এই ঘটনাই ভাৰতৰ ভূখণ্ডক দুটা ভাগত বিভক্ত কৰাৰ আভাস বহন কৰিছে বুলি উক্ত অধ্যয়নত কোৱা হৈছে। এই অধ্যয়নপত্র প্রস্তুত কৰোতে সংশ্লিষ্ট ভূতত্ত্ববিদে ভূকম্পন তথ্য আৰু হিলিয়াম আইচ’টপ বিশ্লেষণ কৰে বুলি উল্লেখ কৰিছে। স্বাভাৱিকতে এই অধ্যয়নৰ তথ্যই চৌদিশে তীব্র আলোড়নৰ সৃষ্টি
কৰিছে। একাংশ ভূতত্ত্ববিদে মন্তব্য কৰিছে যে হিমালয় পর্বতৰ গঠন সম্পর্কে এতিয়ালৈকে থকা ধাৰণাৰ আমূল পৰিৱৰ্তন সাধনৰ সম্ভাৱনা বহন কৰিছে শেহতীয়াকৈ উদ্ঘাটিত এই তথ্যই।
হিমালয় অঞ্চলত ভূমিকম্পৰ স’তে জড়িত নতুন বিপদকো এই অধ্যয়নে ইংগিত কৰা বুলি চর্চিত হৈছে। উল্লেখ্য যে ভূতত্ত্ববিদসকলৰ মতে, বিগত ৬০ নিযুত বছৰত হিমালয়ৰ ভূগৰ্ভস্থ ভাৰতীয় শৈল মণ্ডলীয় ফলক ইউৰেছিয়ান ফলকৰ দিশে ঢাল লৈছে। ভূতত্ত্ববিদসকলৰ মতে, ভাৰতৰ ভূখণ্ডৰ ভূগৰ্ভত এক উলম্ব ভাঙোনৰ সৃষ্টি হৈছে। উল্লেখ্য যে পৃথিৱীৰ ভিতৰত ভাৰতীয় শৈল মণ্ডলীয় ফলক সক্রিয় বুলি কোৱা হয়। বিজ্ঞানীসকলে শৈল মণ্ডলীয় ফলকৰ সংঘাতৰ প্ৰাথমিক বলবিজ্ঞান সম্পর্কে যি ধাৰণা অর্জন কৰিছে সেই ধাৰণাৰ ভিত্তিত এক নতুন সূত্ৰৰ গঢ় লৈ উঠিছে যে ভাৰতীয় শৈল মণ্ডলীয় ফলক সম্প্রতি এক জটিল পৃথকীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে অগ্ৰসৰ হৈছে।
এই প্ৰক্ৰিয়া ফলকখনৰ অধিক ঘন নিম্নাংশ ওপৰৰ অংশৰ পৰা আঁতৰিবলৈ ধৰাৰ স’তে জড়িত। আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নত দাখিল হোৱা অধ্যয়নপত্রই শৈল মণ্ডলীয় ফলকৰ আচৰণ সম্পর্কে থকা সূত্রসমূহক প্রত্যাহান জনাইছে। এই অধ্যয়নপত্র প্রস্তুত কৰা সকলে তিব্বতৰ দক্ষিণাঞ্চলৰ ভূমিকম্পৰ তৰংগৰ বিশদ তথ্য আৰু হিলিয়াম আইচ’টপৰ বিশ্লেষণ কৰে। এই অধ্যয়নত পোহৰলৈ আহে যে পৃথিৱীৰ খোলাটোৰ পদার্থসমূহৰ এনে এক অঞ্চললৈ চলন ঘটিছে। যি চলন হোৱা উচিত নাছিল। ইয়ে ভাৰতীয় শৈল মণ্ডলীয় ফলক দুভাগত বিভক্ত হ’বলৈ ধৰাৰ অনাকাংক্ষিত বাৰ্তা বহন কৰা বুলি গৱেষকসকলে আঙুলিয়াই দিছে।
কাৰণ খালী হৈ পৰা পৃথিৱীৰ খোলাটোৰ অংশ পূৰণ কৰিবলৈ লৈছে ভাৰতৰ শৈল মণ্ডলীয় ফলকে। এই সম্পৰ্কত নেদাৰলেণ্ডৰ এখন বিশ্ববিদ্যালয়ৰ ভূতত্ত্ববিদ ডি ভান হিন্সবার্জেনে কয়, ‘আমি জনা নাছিলো যে মহাদেশে এনে আচৰণ কৰিব পাৰে।’ শেহতীয়া উদ্ঘাটিত এই তথ্যই হিমালয়ৰ গঠন সম্পৰ্কে থকা ধাৰণাৰ সলনি সাধন কৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে ভূতত্ত্ববিদসকলে।
উল্লেখ্য যে ভূতত্ত্ববিদসকলৰ মতে ভাৰতীয় শৈল মণ্ডলীয় ফলকৰ শিলৰ গঠন সুষম নহয়। তাৰ পৰিৱৰ্তে এই ফলক বিভিন্ন স্তৰ বা তৰপৰে গঠিত। এই স্তৰসমূহৰ একাংশ পাতল মহাসাগৰীয় তৰপ আছে। আনহাতে, আন একাংশ মহাদেশীয় শিলবে। গঠিত। গঠনৰ ক্ষেত্ৰত থকা এনে বৈচিত্র্যৰ ফলত ফলকখন স্পৰ্শকাতৰ। ঘাইকৈ চাপে সৃষ্টি কৰা ভাঙোনৰ ক্ষেত্ৰত এই ফলক স্পৰ্শকাতৰ বুলি চিহ্নিত হৈছে। ইউৰেছিয়ান ফলকৰ স’তে হোৱা সংঘৰ্ষৰ ফলত সৃষ্টচাপো ভাৰতীয় শৈল মণ্ডলীয় ফলকে বহন কৰিব পৰা নাই বুলি চর্চিত হৈছে। গতিকে বিগত কিছু বছৰ ধৰি ভূতত্ত্ববিদসকলে ধাৰণা কৰি আহিছে যে অতিশয় চাপত ভাৰতীয় শৈল মণ্ডলীয় ফলক ভাঙি পৰিব পাৰে।
