Bihar politics:✒️দেশৰ নিৰ্বাচন আয়োগৰ আঁকোৰ-গোঁজ স্থিতিয়ে আগন্তুক বিহাৰ বিধানসভা নির্বাচনকেন্দ্রিক অনিশ্চয়তা সৃষ্টি কৰাৰ আশংকা প্ৰৱল হৈছে। নির্বাচন আয়োগৰ বিতর্কিত ভোটাৰ তালিকা বিশেষ কঠোৰ পুনৰীক্ষণে বিহাৰত কমেও ৫৬ লাখ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ আভাস স্পষ্ট হৈছে।
দেশজুৰি আলোড়ন তুলি আয়োগে অব্যাহত ৰখা ভোটাৰ তালিকাৰ এই পুনৰীক্ষণৰ জৰিয়তে ৰাজ্যখনৰ ভোটাৰ তালিকা সংশোধিত ৰূপ গৃহত হ’লে প্রতিটো সমষ্টিৰ পৰা ২৩ হেজাৰকৈ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাটো নিশ্চিত হৈছে। ফলত এইসকল ভোটাৰ আগন্তুক বিহাৰ বিধানসভা নির্বাচনত ভোটদানৰ পৰা বঞ্চিত হ’ব।
ভোটাৰ তালিকাৰ এই পুনৰীক্ষণৰ জৰিয়তে ৫২ লাখ ভোটাৰক আয়োগে ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ লৈছে। এই ৫২ লক্ষ ভোটাৰৰ মাজত মৃত, চিৰদিনৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা আৰু অযোগ্য ভোটাৰ আছে বুলি আয়োগে দাবী কৰিছে। গতিকে এইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ পোষকতা কৰিছে আয়োগে।
উল্লেখ্য যে ২৪৩ আসন বিশিষ্ট বিহাৰ বিধানসভাৰ নিৰ্বাচন অহা অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। এই উদ্দেশ্যে শাসক-বিৰোধীয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে এক ৰহস্যজনক স্থিতিৰে নিৰ্বাচন আয়োগে সংশোধনৰ নামত ৰাজ্যখনৰ ভোটাৰ তালিকা পুনৰীক্ষণ আৰম্ভ কৰে।
আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়পালিকাতো যুঁজ আৰম্ভ হৈছে। তাৰ মাজতো আয়োগে অহা পহিলা আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। এনে অৱস্থাতে পোহৰলৈ আহিছে যে নির্বাচন আয়োগে এই বিতর্কিত প্ৰক্ৰিয়াৰে ভোটাৰ তালিকা সংশোধন কৰিলে প্ৰতিটো সমষ্টিৰে কমেও ২৩ হেজাৰকৈ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব।
তদুপৰি আৰু ১৫ লাখ ভোটাৰে পৰিচয় পৰীক্ষণ প্ৰপত্ৰ জমা দিয়াৰ পৰা বিৰত আছে। ফলত আগন্তুক বিধানসভা নির্বাচনত কোটিৰ ওচৰা উচৰি ভোটাৰ ভোটাধিকাৰ সাব্যস্তৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে। ইয়াকে লৈ ইতিমধ্যে সৰব হৈ থকা বিৰোধী দলসমূহে ৰাজপথ কঁপোৱাৰ হুংকাৰ দিছে। তদুপৰি বিৰোধীয়ে আগন্তুক বিধানসভা নির্বাচন বৰ্জন কৰাৰো ইংগিত দিছে।
বিজেপিৰ নিৰ্দেশ মানি নির্বাচন আয়োগে এই পৰিস্থিতিৰ সৃষ্টি কৰিছে: তেজস্বী
কেন্দ্ৰ-ৰাজ্যৰ শাসকীয় বিজেপিৰ নিৰ্দেশত দেশৰ নিৰ্বাচন আয়োগে বিহাৰত এই জটিল পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ক্ষোভ প্রকাশ কৰিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল আৰজেডিৰ নেতা তেজস্বী যাদবে। আয়োগে সংশোধিত ভোটাৰ তালিকাৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিলে এই নির্বাচন বৰ্জনৰ সম্ভাৱনাও যাদৱে নুই কৰা নাই।
বিজেপিৰ নিৰ্দেশ গ্রহণ কৰি আয়োগে এক অর্থহীন নির্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে বুলিও অভিযোগ উত্থাপন কৰে আৰজেডি নেতাজনে। বিৰোধীয়ে নিৰ্বাচন বৰ্জন কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘মহাজোটৰ সহযোগী দলসমূহৰ স’তে আলোচনা কৰিব পাৰো। যদি বিজেপিয়ে ভুৱা ভোটাৰ তালিকা ব্যৱহাৰ কৰি চৰকাৰ চলাব বিচাৰে, তেন্তে তেওঁলোকৰ কাৰ্যকাল মাথোঁ বৃদ্ধি কৰিলেই হ’ল। যদি সমগ্র প্রক্রিয়াটোৱে অসাধু তেন্তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ যুক্তি ক’ত?’
আনহাতে, বিৰোধীৰ নিৰ্বাচন বৰ্জনৰ সম্ভাৱনীয়তা সম্পৰ্কত তেওঁ কয়, ‘বর্জন হৈছে এটা বিকল্প; কিন্তু কথাটো আমি চিন্তা কৰিব লাগিব। চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে আমি আমাৰ সহযোগী দলসমূহ আৰু জনতাৰ স’তে আলোচন কৰিম।’
ইপিনে, সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নির্বাচন আয়োগৰ হৈ উত্তৰ নিদিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। সূত্ৰই জনোৱা মতে, এনে এক পৰিস্থিতিত ভোটাৰ তালিকা পুনৰীক্ষণৰ বিষয়টো আলোচনা কৰিব পাৰি নেকি বুলি কেন্দ্ৰই যুক্তি দিছে। লক্ষ্যণীয়ভাবে নির্বাচন আয়োগৰ এই বিতর্কিত ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত বিধানসভাত এক পূৰ্ণ পৰ্যায়ৰ বিতর্ক আয়োজনৰ পোষকতা কৰিছে বিৰোধী শিবিৰে।
তৎসত্ত্বেও বিৰোধীৰ উদ্বেগক গুৰুত্ব নিদিয়াৰ বাবে আয়োগৰ সমালোচনাত মুখৰ হৈ উঠিছে আৰজেডিৰ নেতা যাদৱ।
