গোসাঁইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে মৃত্যু অংগনবাদী কৰ্মী

IMG 20250725 WA0027

Accident :✒️গোসাঁইগাঁও মহকুমাৰ জয়মাৰ সমীপৱৰ্তী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদমগুৰিত দুপুৰীয়া পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এগৰাকী অংগনবাদী কৰ্মীয়ে।

এখন কন্টেনাৰ ট্ৰাক আৰু স্কুটিৰ মাজত উক্ত দূৰ্ঘটনাটো সংঘটিত হয়। দূৰ্ঘটনাত থিতাতে নিহত হয় স্কুটিত থকা মহিলাগৰাকী। দূৰ্ঘটনাগ্ৰস্ত কন্টেনাৰ ট্ৰাকখনৰ নম্বৰ MH 46 BM 7480 আৰু স্কুটিখনৰ নম্বৰ AS 16 M 4390 আছিল।

অংগনবাদী কৰ্মী শুনতি মাৰ্ডী (৩৪) আজি কাৰ্যালয়ৰ পৰা স্কুটি চলাই ৰাষ্ট্ৰীয় পথেৰে ঘৰ অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

আৰক্ষী খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে।

Exit mobile version