Kerala:✒️কঁঠাল খাই বাছ চলোৱাৰ অভিযোগত কেৰালাত আৰক্ষীয়ে আটক কৰিসে তিনিজন চালকক। আৰক্ষীৰ সুৰা পৰীক্ষা কৰাৰ যন্ত্ৰৰ ভুল তথ্যৰ বাবেই চালক তিনিজনক আটক কৰা হৈছিল। এক স্থানত আৰক্ষীৰ চালাচীৰ সময়ত সুৰাপান কৰি কোনোবাই গাড়ী চলাইছিল নেকি, = সেয়া পৰীক্ষা কৰা হৈছিল। সেই সময়তে চৰকাৰী বাছৰ তিনিজন চালকক ‘সুৰাপান’ৰ অভিযোগত আটক কৰা হয়।
তেওঁলোকক কিয় আটক কৰা হৈছে বুলি চালক তিনিজনে প্রশ্ন কৰে। আৰক্ষীয়ে জনায় যে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ উত্তৰত গাড়ী চালক ও তিনিজন স্তম্ভিত হৈ পৰে। চালক তিনিজনে দাবী কৰে যে তেওঁলোকে সুৰাপান কৰা নাছিল। আৰক্ষীৰ লোকে তেতিয়া তিনিওকে ব্রেথ এনালাইজাৰত ফু মাৰিবলৈ কয়। লগে লগে যন্ত্রটোৱে ইংগিত দিয়ে যে চালক কেইজনে সুৰাপান কৰিছে। কোনোবাই সুৰাপান কৰিছে নেকি সেয়া পৰীক্ষা কৰা যন্ত্রই হৈছে ব্রেথ এনালাইজাৰ। এই যন্ত্ৰটোত মুখ লগাই ফু মাৰিবলৈ দিয়া হয়। তেতিয়াই যন্ত্রটোরে ইংগিত দিয়ে সংশ্লিষ্ট লোকজনে সুৰাপান কৰিছে নে নাই।
লক্ষ্যণীয়ভাৱে কেৰালাৰ উক্ত বাছ চালক তিনিজনে মদ্যপান নকৰা সত্ত্বেও যন্ত্ৰটোৱে ইংগিত দিছিল যে তেওঁলোকে সুৰাপান কৰিছিল। কথাটো বাছ চালক তিনিজনে কোনোপধ্যেই বিশ্বাস কৰিব পৰা নাছিল। সেয়া কেনেকৈ সম্ভৱ হৈছে বুলি তেওঁলোক স্তম্ভিত হৈ পৰে।
তেওঁলোকে সুৰাপান কৰা নাই বুলি আৰক্ষীয়েও বিশ্বাস কৰা নাছিল। তেতিয়া চালক কেইজনে জনায় যে দুপৰীয়া তেওঁলোকে কঁঠাল খাইছিল; কিন্তু মদ্যপান কৰা নাছিল। আচলতে কঁঠালত শৰ্কৰা বা চেনিৰ পৰিমাণ বেছি থাকে। কঁঠালৰ ভিতৰত শৰ্কৰাৰ পৰিমাণ বেছি থকাৰ ফলত ই এক প্রাকৃতিক ফার্মেন্টেচন প্ৰক্ৰিয়াৰ মাজেৰে যায়।
কঁঠালৰ মাজত যি ফ্রুকটোজ আৰু গ্ল’কোজ আছে, ফার্মেন্টেছনৰ মাধ্যমেৰে সেয়া ইথানললৈ ৰূপান্তৰিত হয়। যেতিয়া কঁঠাল অতি বেছিকৈ পকে অথবা সঠিকভাৱে সংৰক্ষণ কৰা নহয়, তেতিয়াই কেনেকুৱা ঘটনা ঘটে। তেতিয়া যদি ব্রেথ এনালাইজাৰত কাৰোবাৰ শ্বাস পৰীক্ষা কৰা হয়, তেতিয়া যন্ত্রটোরে কঁঠালত থকা শৰ্কৰাক এলক’হলৰূপে চিহ্নিত কৰে।
সেইবাবেই তিনিজন চালকে মদ্যপান নকৰাকৈও ব্রেথ এনালাইজাৰত বাৰে বাৰে সুৰামত্তৰূপে ধৰা পৰিছিল। চালকসকলে যেতিয়া জনায় যে তেওঁলোকে কঁঠাল খাইছিল, তেতিয়া আৰক্ষীয়ে ব্রেথ এনালাইজাৰ পৰীক্ষাত উত্তীর্ণ হোৱা বেলেগ এজন চালকক কঁঠাল আনি খাবলৈ দিয়ে। তাৰ পাছত ব্রেথ এনালাইজাৰত সেই চালকজনৰ পৰীক্ষা লয়।
তেতিয়া দেখা গ’ল যে নতুনকৈ কঁঠাল খোৱা চালকজনকো ব্রেথ এনালাইজাৰে সুৰাপায়ীৰূপে চিহ্নিত কৰিছে। তেতিয়াই প্রকৃত ঘটনা ওলাই পৰাত আৰক্ষীয়ে ধৃত তিনি চালকক মুকলি কৰি দিয়ে।






























