Eviction:✒️ৰাজ্যৰ চৌদিশে চৰকাৰে ব্যাপক ৰূপত অব্যাহত ৰখা উচ্ছেদ অভিযান গুৱাহাটীতো চলিব। মহানগৰীৰ কে’বাটাও স্থানত চৰকাৰী আৰু বনাঞ্চলৰ ভূমি বৃহৎ সংখ্যক লোকে বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে।
তেনে অভিযোগৰ অনুসন্ধান চলাই গুৱাহাটী বনাঞ্চলৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে ফটাশিল সংৰক্ষিত বনাঞ্চলত ব্যাপক হাৰত বেদখল হোৱাটো নিশ্চিত কৰিছে। এই বনাঞ্চলৰ অন্তৰ্গত আদিংগিৰি অঞ্চলত দীর্ঘদিনৰ পৰা এনে বেদখল চলি আহিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত কালি আঞ্চলিক বন বিষয়াই ফটাশিল আৰক্ষী থানাৰ অধীনৰ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল কৰা বুলি চিনাক্ত কৰা লোকসকলক সাত দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিবলৈ বৃহস্পতিবাৰে জাননী জাৰি কৰে।
বেদখলকাৰীৰ পৰিয়ালবোৰৰ মুৰব্বীৰ নামত জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে তেওঁলোকে সংৰক্ষিত বনাঞ্চলখনত অবৈধভাৱে প্ৰৱেশ কৰি বন ধ্বংস আৰু বনাঞ্চলৰ ভূমি বেদখল কৰিছে। ইয়াৰ দ্বাৰা অসম বন অধিসূচনা, ১৮৯১ (সংশোধিত আইন), ১৯৯৫ৰ ২৪ আৰু ২৫ ধাৰা ভংগ কৰিছে।
সেয়েহে উক্ত আইনৰ ৭২ (গ) ধাৰাৰ অধীনত বেদখলকাৰীসকলক জাননী জাৰি কৰাৰ সাত দিনৰ ভিতৰত স্বেচ্ছাই উক্ত ভূমি বেদখলমুক্ত কৰি তথা নিজৰ সা-সামগ্রীসহ সেই স্থানৰ পৰা আঁতৰি যাবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অন্যথা বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বাৰ্থত বন আইন অনুসৰি বিতাড়ন কৰা হ’ব বুলি কোৱা হৈছে।
এই বিতাড়নৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহয় বুলি জাননীখনত স্পষ্ট কৰি দিয়া হৈছে। উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলখন মালিগাঁও আৰু ফটাশিল অঞ্চলক স্পর্শ কৰি থকা সূৰ্যাগিৰি পাহাৰত অৱস্থিত।
এই পাহাৰখনৰে শীৰ্ষত অৱস্থিত আদিংগিৰিত উক্ত বেদখলৰ ঘটনা সংঘটিত হৈছে। কমেও ৩০০ পৰিয়াল বেদখলী ভূমিত বাস কৰি থকাৰো তথ্য লাভ কৰিছে বন বিভাগে। বেদখলকাৰীসকলে বেদখলী ভূমিত মাদ্ৰাছা আৰু উপাসনাস্থলীও স্থাপন কৰিছে। তদুপৰি নিজাকৈ তাত চুবুৰিও নামকৰণ কৰিছে।
এনে বেদখলৰ বিৰুদ্ধে দীর্ঘদিনৰ পৰা স্থানীয় লোকসকলে প্ৰশাসনৰ ওচৰত আপত্তি দর্শাই আহিছিল; কিন্তু প্রশাসনে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে। ফলত বেদখলী ভূমিৰ পৰিমাণো দ্রুতগতিত বৃদ্ধি হয়। লক্ষ্যণীয়ভাৱে স্থানীয় জনপ্রতিনিধিসকলেও চকু মুদা কুলিৰ ভাও ধৰি আহিছে।
বৰঞ্চ একাংশ জনপ্রতিনিধিয়ে বেদখলীসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা কৰাৰ অভিযোগহে উত্থাপিত হৈছে। একাংশ বেদখলকাৰীয়ে গুৱাহাটী পৌৰ নিগমৰ পৰাও সুবিধা আদায় কৰিবলৈ সক্ষম হৈছে।






























