Eviction:✒️আসন্ন উচ্ছেদক কেন্দ্ৰ কৰি মেৰাপানীৰ দুই নম্বৰ নেঘেৰীবিলত সম্প্ৰতি উত্তেজনাপূর্ণ পৰিৱেশ বিৰাজ কৰিছে। সাত দিনৰ ভিতৰতে গাঁৱৰ পৰা আঁতৰি যাবলৈ বেদখলকাৰীসকললৈ বন বিভাগে কালি জাননী জাৰি কৰে।
এই জাননী লৈ আজি বৃহস্পতিবাৰে আৰক্ষী-প্রশাসন, চিআৰপি আৰু বন বিভাগৰ এটা বৃহৎ দল দুই নম্বৰ নেঘেৰীবিলত উপস্থিত হৈ নিৰ্ধাৰিত সাতদিনৰ ভিতৰত বেদখলকাৰীসকলে ঘৰ এৰি আঁতৰি নগ’লে উচ্ছেদ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে।
আনহাতে, এই জাননী পোৱাৰ পাছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ বেদখলকাৰীয়ে নিৰাপত্তা বাহিনীয়ে আঁৰি দিয়া জাননী ফালি পেলোৱাৰ লগতে প্ৰশাসনৰ প্ৰতি হুংকাৰ দিয়ে।
আনকি মহিলা আৰক্ষীৰ লগত একাংশ বেদখলকাৰী মহিলাৰ হতাহতিও হয়। বেদখলকাৰীসকলে হুংকাৰ দিয়ে যে কেৱল তেওঁলোকক উচ্ছেদ কৰিলেই নহ’ব। দুই নম্বৰ নেঘেৰীবিলৰ বাসিন্দা মিচিং জনগোষ্ঠীয় লোকসকলকো উচ্ছেদ কৰিবলৈও বেদখলকাৰীসকলে হুংকাৰ দিয়ে।
ফলত এই উচ্ছেদক কেন্দ্ৰ কৰি অঞ্চলটোত জটিল পৰিস্থিতিৰ সৃষ্টিৰ আশংকা প্ৰবল হৈছে। বেদখলকাৰীসকলৰ এনে স্থিতিক লৈ স্থানীয় ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আনহাতে, একাংশ বেদখলকাৰীসকলে দাবী কৰা অনুসৰি তেওঁলোকে ১৯৬৩, ১৯৬৭ আৰু ১৯৭৫ত নেঘেৰীবিল গাঁৱলৈ বাস কৰিবলৈ আহে। অৱশ্যে তেওঁলোকৰ দাবী ভুৱা বুলি চৰ্চিত হৈছে। কাৰণ গোলঘাট নির্বাচনী কার্যালয়ৰ পৰা সংগ্ৰহ কৰা ভোটাৰ তালিকা অনুসৰি ১৯৭৭ৰ অঞ্চলটোৰ ভোটাৰ তালিকাত এই লোকসকলৰ নাম নাই।
অৱশ্যে ১৯৮৫ৰ দুই নম্বৰ নেঘেৰীবিল গাঁৱৰ ভোটাৰ তালিকাত এই লোকসকলৰ ৩০ শতাংশৰ নাম আছে। পৰৱৰ্তী সময়ত পর্যায়ক্রমে ১৯৯১, ২০০১ আৰু ২০০৬ৰ ভোটাৰ তালিকাত এই লোকসকলৰ এশ শতাংশৰ নাম অন্তর্ভুক্ত হয়।
অভিযোগ অনুসৰি ১৯৮০ দশকৰ পাছত বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাৰণত বহু লোকৰ নেঘেৰীবিললৈ আগমন ঘটে আৰু সম্প্রতি অঞ্চলটোত জন বিস্ফোৰণ সদৃশ পৰিৱেশ সৃষ্টি হোৱাত স্থানীয় লোকসকলৰ অস্তিত্বৰ প্ৰতি সংশয় অহাৰ অভিযোগ উত্থাপন হৈছে।
এই লোকসকলে দীর্ঘদিনৰ পৰা নেঘেৰীবিলত বাস কৰা বুলি বিভিন্ন নথিপত্ৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে তেওঁলোকৰ এনে নথিপত্ৰৰ গুৰুত্ব নাই বুলি একাংশই মন্তব্য কৰিছে।
উৰিয়ামঘাটৰ পৰা ধিঙলৈ যাত্ৰা বহুতৰ
গোলাঘাটৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ বেদখলকাৰীসকলৰ একাংশই বিভিন্ন আচবাব লৈ ধিঙলৈ যাত্রা কৰিছে। বন বিভাগে সাত দিনৰ ভিতৰত ঘৰ-বাৰী ভাঙি আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতে এনে ঘটনা সংঘটিত হৈছে।
ধিং আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চললৈ আগমন ঘটা এই বেদখলকাৰীসকলক লৈ সক্রিয় হৈ উঠিছে ধিং আঞ্চলিক ছাত্র সন্থা আৰু বীৰ লাচিত সেনাৰ ধিং আঞ্চলিক সমিতি। এই বেদখলকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংগঠন দুটাই ধিং ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰও প্ৰদান কৰিছে। তদুপৰি বীৰ লাচিত সেনাই নগাঁও-ধিং গড়কাপ্টানী পথত বাহনসমূহ ৰখাই যাত্ৰীসকলৰ নথিপত্ৰসমূহ পৰীক্ষা কৰিবলৈও লৈছে।
বৈধ নথিপত্র থকা সকলক পাৰ হৈ যাবলৈ দিয়াৰ বিপৰীতে কোনো নথিপত্র নথকা সকলক বস্তু-বাহানীসহ উৰিয়ামঘাটলৈ সংগঠনটোৰ কৰ্মীসকলে ঘূৰাই পঠিয়ায়। ইপিনে, এই সম্পর্কত ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক নাথ আৰু সাধাৰণ সম্পাদক জ্ঞানজ্যোতি নাথে এক বিবৃতিত কয়, ‘উৰিয়ামঘাটৰ উচ্ছেদ অভিযানৰ যো-জা চলাৰ পাছতে ধিং আৰু ইয়াৰ পার্শ্ববর্তী অঞ্চলসমূহৰ মাজেৰে একাংশ লোকে ঘৰ-দুৱাৰ ভঙা আচবাব লৈ ট্রাকেৰে পাৰ হৈ আছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্রশাসনেও পদক্ষেপ গ্রহণ কৰিব লাগিব। অন্যথা এইসকলে ধিং অঞ্চলত চৰকাৰী ভূমি বেদখল কৰিব।’
উচ্ছেদ অভিযানক সমর্থন আলফা নেতা অনুপ চেতিয়াৰ
ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ প্ৰতি সমর্থন ঘোষণা কৰিছে আলফা নেতা অনুপ চেতিয়াই। সোণাৰিত আলফা নেতাজনে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে বাবেই বেদখলকাৰীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে উচ্ছেদ অভিযান চলাবলৈ সক্ষম হৈছে।
এই উচ্ছেদ অভিযান সময়োপযোগী হৈছে বুলি দাবী কৰি চেতিয়াই লগতে কয়, ‘অসমৰ সংৰক্ষিত বনাঞ্চলৰ উপৰি উৰ্বৰ মাটি অবৈধভাৱে দখল কৰি আৱাসস্থল গঢ়ি তোলা অঞ্চলত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে। এই উচ্ছেদ অভিযানৰ সময়ত কেৱল মিঞা বুলি কথা নাই, খিলঞ্জীয়া লোকে যদিও সংৰক্ষিত বনাঞ্চল ধ্বংস কৰিছে, তেওঁলোকৰ ক্ষেত্ৰতো আইনী পদক্ষেপ গ্রহণ কৰিব লাগে। বনাঞ্চল ধ্বংস কৰাৰ ফলত অনাবৃষ্টি, খৰাং পৰিস্থিতিয়ে অসমৰ কৃষিজীবী ৰাইজক সংকটত পেলাইছে।’
আলফা চৰকাৰৰ মাজত সম্পন্ন হোৱা চুক্তিৰ এটা দফাত ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ সুৰক্ষা আৰু বেদখলমুক্ত কৰাৰ দাবীও সন্নিৱিষ্ট হৈছে বুলি তেওঁ সদৰী কৰি লগতে কয়, ‘অসমৰ জৰীপ নোহোৱা অঞ্চলসমূহৰ জৰীপ চলাবলৈও দাবী উত্থাপন কৰা হৈছিল। গতিকে আলফা চৰকাৰৰ চুক্তিত সন্নিবিষ্ট হোৱা দফাসমূহৰ ৰূপায়ণত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰ ধন্যবাদৰ পাত্ৰ। কংগ্ৰেছ চৰকাৰৰ দৰে পূৰ্বৰ চৰকাৰৰ দিনত উচ্ছেদ চলোৱা নাছিল। এয়া তেওঁলোকৰ ব্যৰ্থতা আছিল। এতিয়া মুখ্যমন্ত্রী ড° শৰ্মাই অতি সাহসৰে এই উচ্ছেদ কাৰ্য চলাবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো।’






























