Eviction:✒️গোলাঘাটৰ নগালেণ্ড সীমান্তবর্তী উৰিয়ামঘাটত উচ্ছেদৰ জাননী লাভৰ পাছত শ শ লোকে এই স্থান ত্যাগ কৰাক লৈ আতংকিত হৈছে চুবুৰীয়া নগালেণ্ডৰ লগতে মেঘালয় আৰু মণিপুৰ। অসমত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে উচ্ছেদৰ ফলত স্থানান্তৰিত হোৱা লোকসকলে ৰাজ্য তিনিখনত প্ৰৱেশ কৰাৰ আশংকাত ত্ৰস্তমান হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত উচ্ছেদ অভিযানৰ ফলত হেজাৰ হেজাৰ বিঘা বনাঞ্চলকে ধৰি চৰকাৰী ভূমিমুক্ত হোৱা বুলি ঘোষণা কৰিছে।
ইপিনে, সম্ভাব্য উচ্ছেদ অভিযানৰ পৰিপ্ৰেক্ষিতত কালি উৰিয়ামঘাটৰ পৰা কে’বাশ লোকে স্থান পৰিত্যাগ কৰে। তথ্য অনুসৰি চলিত সপ্তাহতে দুশৰো অধিক সন্দেহজনক নাগৰিকক কঢ়িয়াই নিয়া বাহন নগালেণ্ডত প্ৰৱেশৰ পথত জব্দ কৰি ওভতাই পঠোৱা হয়।
নগালেণ্ডৰ আৰক্ষী আয়ুক্ত কেভিথুট’ ছফিয়ে কয় যে আন্তঃৰাজ্যিক তালাচী চকী আৰু সীমান্তৰ ছিদ্রযুক্ত স্থানত সকলো ধৰণৰ প্ৰতিৰোধী ব্যৱস্থা লোৱা হৈছে। উল্লেখ্য যে নগালেণ্ডৰ ডিমাপুৰ, নিওলেণ্ড, মকংচাং, মন আৰু লংলেং জিলা অসমৰ সীমান্তৱৰ্তী।
উল্লেখ্য যে যোৱা সোমবাৰে নগালেণ্ড চৰকাৰে অসমত অব্যাহত থকা উচ্ছেদ অভিযানৰ বিষয়ে উল্লেখ কৰি সতর্কবার্তা জাৰি কৰে। সকলো জিলা উপায়ুক্তক তালাচী অভিযান বৃদ্ধি কৰিবলৈ আৰু সন্দেহযুক্ত নাগৰিকৰ সম্ভাব্য অনুপ্ৰৱেশ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে নির্দেশ দিয়ে।
একে সময়তে আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু ৰাজ্যখনৰ জনগাঁথনিৰ সংহতি সুৰক্ষিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ছ’ফিয়ে দুই ৰাজ্যৰ মাজত থকা ছিদ্রযুক্ত সীমান্তৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে তীব্র তালাচী অভিযান অব্যাহত ৰখা হৈছে। তদুপৰি এনে অঞ্চলত ভ্রাম্যমাণ তালাচী চকীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে মেঘালয়ৰ অতিৰিক্ত মুখ্য আয়ুক্ত শ্বকীল পি আহমেদে এক নির্দেশনা জাৰি কৰে।
ৰাজ্যখনৰ জিলাসমূহৰ মুৰব্বীলৈ প্ৰেৰণ কৰা পত্ৰত অসমৰ পৰা যাতে কোনো ধৰণৰ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণভাৱে সষ্টম হৈ থাকিবলৈ কোৱা হৈছে। আহমেদে অসমত চলি থকা বিদেশী পুচবেক, উচ্ছেদ অভিযানৰ প্ৰসংগ উত্থাপন কৰি কয় যে বিষয়াসকলক সতর্ক হৈ থাকিবলৈ, প্রয়োজন হ’লে তালাচী চলাবলৈ আৰু লগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিৰ্দেশ দিয়াৰ বিষয়ে উল্লেখ কৰে।
মণিপুৰেও পৰহি একেদৰেই জিলা প্ৰশাসনক আন্তঃৰাজ্যিক সীমান্তত সতর্ক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে মণিপুৰতে অসমৰ সীমান্ত নাই যদিও সতর্ক হৈছে ৰাজ্যখন। মণিপুৰ চৰকাৰে সাম্প্ৰতিক পৰিস্থিতিত জাৰি কৰা এই পৰামৰ্শাৱলীত কোৱা হৈছে যে চুবুৰীয়া দেশত আতংকৰ পৰিস্থিতিত মণিপুৰলৈ অনুপ্ৰৱেশ ঘটাৰ বহু উদাহৰণ আছে। সেয়েহে সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সীমান্তৰে যিকোনো ধৰণৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি দ্রুত আৰু যথোচিত চিনাক্তকৰণৰ কথাও ইয়াত কোৱা হৈছে।
সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰিলে সুৰক্ষিত আৰু নিৰ্ধাৰিত স্থানত ৰখাৰ ব্যৱস্থা কৰিবলৈও কোৱা হয়। এই পৰামৰ্শপত্ৰত এইদৰে উল্লেখ আছে, ‘স্থানীয় জনসাধাৰণৰ স’তে যাতে তেওঁলোকে মিলা-মিছা কৰিব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিব লাগিব আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকক মানৱীয় সমর্থন দিব লাগিব।’
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কালি অসমৰ উচ্ছেদ অভিযানৰ পৰিপ্ৰেক্ষিতত সীমান্ত সুৰক্ষিত কৰি ৰাখিবলৈ ৰাজ্যখনৰ প্ৰস্তুতি সম্পর্কীয় বৈঠকত অংশ লয়। চৰকাৰী সূত্ৰত প্ৰকাশ যে বৈঠকত উপস্থিত আছিল মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, অতিৰিক্ত মুখ্য সচিব (গৃহ) কে ধৰি ৰাজনৈতিক বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু জিলা আয়ুক্তসকল।
মুখ্যমন্ত্রী চাংমাই সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা অনুসৰি অসমৰ উচ্ছেদ অভিযানৰ বাবে অসম সংলগ্ন মেঘালয় সীমান্ত অঞ্চলসমূহত তালাচী অভিযান অধিক শক্তিশালী কৰিবলৈ আৰু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ জিলা আয়ুক্তসকলৰ স’তে বৈঠক কৰা হয়। তেওঁ কয় যে অসমৰ যিসমূহ উচ্ছেদিত অঞ্চল মেঘালয় সীমান্ত সংলগ্ন হৈ আছে সেই সমূহত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।
সন্দেহজনক কাৰ্যকলাপৰ তাৎক্ষণিক বার্তা প্ৰেৰণৰ বাবে তৃণমূল পর্যায়ত বহুতৰপীয়া যোগাযোগ আৰু নিৰীক্ষণ ব্যৱস্থা কৰা বুলি মুখ্যমন্ত্রী চাংমাই কয়।
