✒️বৰষুণৰ অভাৱত সম্প্ৰতি ভৰ বাৰিষাত ৰাজ্যৰ কৃষকসকলে হাহাকাৰ কৰি থকাৰ পাছতো জলসিঞ্চন বিভাগ গভীৰ নিদ্ৰাত থকাত চৌদিশে সমালোচনাৰ জোৱাৰ উঠিছে।
এনে পৰিস্থিতিত কালি ইয়াত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইংগিত দিয়ে যে বৰষুণ নহ’লে ৰাজ্যত শীঘ্রে খৰাং পৰিস্থিতি ঘোষিত হ’ব। সম্প্ৰতি ৰাজ্যত বিৰাজ কৰা এই জটিল পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়, ‘পৰিস্থিতিত চৰকাৰে দৃষ্টি ৰাখিছে। বৰষুণ নিদিলে ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰা হ’ব।’
খৰাং পৰিস্থিতি ঘোষিত হ’লে কৃষকসকলক প্রধানমন্ত্রী ফচল যোজনা আৰু দুর্যোগ প্রশমন বিভাগৰ পৰা সাহায্য আগবঢ়োৱা হ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগে স্পষ্ট হ’ল যে ৰাজ্যত জলসিঞ্চন বিভাগ বগাহাতীত পৰিণত হৈছে।
শুকুৰবাৰে মুখ্যমন্ত্রীয়ে ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ কাৰ্যালয়ৰ লগতে মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয় আৰু এটা সম্মিলন কেন্দ্ৰৰ শিলান্যাস কৰে। এই প্রকল্প ৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ নিৰ্মাণ এবছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কৰা প্ৰয়াসৰ অংশৰূপে প্রশাসনিক আন্তঃগাঁথনি নিৰ্মাণৰ এই পদক্ষেপ লোৱা হৈছে। এই প্রকল্পত ৰাজ্যৰ মন্ত্ৰীসকলৰ বাবে ২০টা কাৰ্যালয়ৰ লগতে থকা-খোৱাৰ সুবিধা সম্বলিত ১০টা কোঠা, ৩৫০ খন আসনযুক্ত এটা সম্মিলন কেন্দ্ৰ আৰু ১২০ খন আসনযুক্ত এটা সভাকক্ষ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে কয়, ‘মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ কাৰ্যালয় থাকিবলগীয়া দুমহলীয়া এটা ভৱনত বিষয়াসকলৰ কাৰ্যালয় কক্ষ, এটা কৰ্মচাৰী কার্যালয় কক্ষ, এটা সভাকক্ষ, গাড়ী পার্কিঙৰ সুবিধা আৰু আন প্রয়োজনীয় সা-সুবিধাসমূহ থাকিব।
‘ তেওঁ কয় যে পূব অসমত নাগৰিককেন্দ্ৰিক উন্নয়ন দ্রুততৰ কৰিবলৈ আৰু ৰাজ্য প্ৰশাসনক অঞ্চলটোৰ ৰাইজৰ অধিক ওচৰলৈ লৈ যোৱাৰ এই ব্যৱস্থা গ্রহণ কৰা হৈছে। আজি মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কামৰ অগ্ৰগতিৰো বুজ লৈ এই কামসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে।
তেওঁ প্রধানমন্ত্রী আৱাস যোজনা,জল জীৱন মিছন, অৰুণোদয় আৰু আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণৰো বুজ লয়। মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ কামসমূহক অগ্ৰাধিকাৰ দি যুদ্ধকালীন তৎপৰতাৰে কাম কৰিব। লগতে তেওঁ মাৰ্ঘেৰিটাকে ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাক লৈ জিলা আয়ুক্তক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত হিতাধিকাৰী অন্তর্ভুক্তৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে তেওঁ এমজি এনৰেগাৰ অধীনত কামৰ সংখ্যা বৃদ্ধি কৰিবলৈও নিৰ্দেশ জাৰি কৰে। তদুপৰি জন্মৰ প্ৰমাণপত্ৰ আৰু শিশুসকলক আধাৰ কাৰ্ড প্ৰদানৰ পৰ্যালোচনা কৰাৰ লগতে ৰাজহুৱা সেৱা প্রদানত সৃষ্টি হোৱা যিকোনো প্রত্যাহ্বান সমাধানত চৰকাৰে সম্পূর্ণ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে।
উল্লেখ্য যে যোৱা ২২ জুলাইৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা চাৰিদিনীয়া পূব অসম ভ্রমণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। এই ভ্ৰমণৰ সময়ত তেওঁ ডিব্ৰুগড় আৰু তিনিচুকীয়াত কে’বা কোটি টকাৰ প্ৰকল্প উছৰ্গা কৰে। এই চাৰিদিনীয়া ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন প্ৰকল্পৰ লগতে মাকুমত অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পৰিচালিত প্ৰথমটো শক্তি কেন্দ্রও উদ্বোধন কৰে।
লগতে তেওঁ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ পৰ্যালোচনাও কৰে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি আঠশখন আসনযুক্ত আধুনিক প্রেক্ষাগৃহ, ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰ স্থাপন কৰাৰ লগতে সোণাৰিৰ নগৰাঞ্চলৰ পথসমূহৰ উন্নীতকৰণ, চৰাইদেউ জিলাৰ সীমান্তবর্তী পথসমূহ শক্তিশালী কৰা হ’ব। আনহাতে, চৰকাৰী বিবৃতি অনুসৰি, কাইলৈ মুখ্যমন্ত্রীয়ে দিল্লীলৈ যাত্ৰা কৰিব।






























