AASU President Reaction:
বহুচৰ্চিত উৰিয়ামঘাটত হ’বলগা উচ্ছেদক লৈ কলিয়াবৰত ডাঙৰ মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ ৷ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত কয়,নিজৰ ভূমি থকাৰ পাছতো আন জিলালৈ গৈ ভূমি বেদখল কৰা সকলক উচ্ছেদ কৰি আঁতৰাই পঠাব লাগে | উৰিয়ামঘাট বুলিয়েই নহয় অসমৰ বনাঞ্চল, চৰকাৰী ভূমি,সত্ৰৰ ভূমিত সন্দেহযুক্ত বাংলাদেশীৰ অবৈধ বেদখল চলিছে । এই বেদখল উচ্ছেদ হ’বই লাগিব।
শৰ্মাই আৰু কয় যে,উৰিয়ামঘাটত বেদখল উচ্ছেদৰ যো- জা চলোৱাৰ সময়তে তাৰ পৰা বহু মানুহ আহি নগাঁৱত সোমাইছে । এই লোক সকল যদি ইয়াৰ পৰা গৈছিল তেওঁ লোক নিশ্চয় ভূমি হীন নহয়। ভূমিহীন যদি নহয় তেওঁ লোকে অন্য ঠাইৰ ভূমি দখল কৰিবলৈ কিয় যায় ? যদি তেওঁ লোক ধিং,ৰূপহী, নগাঁও,লাহৰিঘাটৰ নহয় তেন্তে তাৰ পৰা আহি ইয়াত এক নতুন বোজাৰ সৃষ্টি কৰিব। অসমৰ য’তেই সংৰক্ষিত বনাঞ্চল, চৰকাৰী ভূমি,সত্ৰৰ ভূমি আছে তাতেই সন্দেহযুক্ত অবৈধ বাংলাদেশী নাগৰিকে বেদখল কৰিছে। সন্দেহযুক্ত অবৈধ বাংলাদেশী নাগৰিক সকলক তাৰ পৰা উচ্ছেদ কৰিবই লাগিব।”
সভাপতি গৰাকীয়ে আৰু কয়,বৈধ ভাৰতীয় ভূমিহীন নাগৰিকক সংস্থাপন দিওতে যিখন জিলাৰ ভূমি হেৰুৱাইছিল¸সেই জিলাতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে।’বেদখলকাৰীৰ ব্যাপক জন বিস্ফোৰণ, তেওঁ লোকৰ জৰিয়তে হোৱা অবাধ প্ৰৱজনে একো একোটা সমষ্টিৰ জনগাঁথনি সলনি হৈ পৰিছে।ফলত খিলঞ্জীয়া মানুহে এটা সমষ্টিৰ পৰা নিজৰ বিধায়কজনো জয়ী কৰাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। জনগাঁথনি সলনিৰ সুযোগ দিব নালাগে।
যি সকল লোকৰ এক ঠাইত নিজা ভূমি থকা সত্বেও অন্য জিলালৈ গৈ সেই ঠাইত চৰকাৰী ভূমি বেদখল কৰিছে তেওলোকক তাৰ পৰা উচ্ছেদ কৰি আঁতৰাই পঠাব লাগে আৰু তেওঁ লোকক ভূমি দিয়াৰ কথাই আহিব নোৱাৰে।”






























