Deadbody Recovered:
গোৱালপাৰা জিলাৰ যোগীঘোপাত চাঞ্চল্যকৰ ঘটনা ৷ গৰাইমাৰী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ স্থানীয় লোকে সন্দেহ কৰা মতে নিশা মহিলা গৰাকীক হত্যা কৰি এইদৰে ৰাষ্ট্ৰীয় পথৰ কাষত পেলাই থৈ যায় ।
ADVERTISEMENT
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে যোগীঘোপা আৰক্ষী উপস্থিত হৈ মৃতদেহ গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীয়ে বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মহিলা গৰাকীৰ পৰিচয় ৷






























