Dr.Ranoj Pegu:
নতুনকৈ স্থাপিত আদৰ্শ মহাবিদ্যালয় সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগু|Associate professor post create কৰিব লাগে বুলি পৰামৰ্শ দিছে | নতুনৰ নিয়োগৰ চিন্তা আমি কৰিব লাগে , কৰিম । কিন্তু একে সময়তে আমি মহাবিদ্যালয় সমূহো কাৰ্যক্ষম কৰিব লাগিব । Associate professor post create কৰিলে নতুন সকলৰ ক্ষতিহে হ’ব|
যদি আমি Associate professor post create কৰিলে নতুনকৈ ওলাই অহা candidate সকল তাৰ বাবে যোগ্যই নহ’ব আৰু সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত হ’ব | নতুনকৈ স্থাপিত মহাবিদ্যালয় সমূহৰ বাবে এতিয়া আমি আৰম্ভণিৰ বাবেহে অৱসৰপ্ৰাপ্ত শিক্ষক ল’ব বিছাৰিছো । কাৰণ তেওঁলোকৰ অভিজ্ঞতা খিনি আমি ব্যৱহাৰ কৰিব বিছাৰিছো । এইবাৰ আমি ৫ খন মহাবিদ্যালয় আৰম্ভ কৰিম । আমাক সহযোগ কৰক ।
বিৰোধ কৰা সকলে UGC ৰ guideline চাই লওক । নতুন প্ৰজন্মৰ প্ৰাৰ্থীয়ে ক্ষতিগ্ৰস্ত হ’ব পৰা কাম আমি কৰিব বিচৰা নাই । আমি আবেদন মুকলি কৰিছোঁ । এতিয়া চাও কিমান আবেদন পাওঁ। মহাবিদ্যালয় সমূহক গতিশীল কৰাৰ বাবে এই সিদ্ধান্ত । কেৱল আদৰ্শ মহাবিদ্যালয় আৰু নতুন মহাবিদ্যালয় সমূহৰ বাবেই এই সিদ্ধান্ত ।
#উচ্ছেদ সন্দৰ্ভত মন্ত্ৰী ৰনোজ পেগু
কংগ্ৰেছেই এসময়ত বেদখলকাৰী সকলক উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ বনাঞ্চল সমূহত স্থাপন কৰিছিল | এতিয়াও সেই সকলক ৰক্ষণাবেক্ষণ কংগ্ৰেছেই দিব বিচাৰিছে | কংগ্ৰেছে আৰম্ভণিৰে পৰা ভোট বেংকৰ ৰাজনীতি কৰি আহিছে |
