Dark web:বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অভিযোগত ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।এইবাৰ তেওঁলোকৰ স’তে পাকৰ সম্পৰ্ক বিচাৰি পাইছে তদন্তকাৰীয়ে ।
যোৱা সপ্তাহত আগ্ৰাৰ পৰা সন্ধানহীন হৈছিল দুগৰাকী যুৱতী। তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টত বহুতো চাঞ্চল্যকৰ ছবি পোৱা হৈছে । কোনো কোনো ছবিত হাতত এ কে ৪৭ লৈ থিয় হৈ আছে, কোনো কোনো ছবিত হেণ্ড গ্ৰেনেড লৈ থিয় হৈ আছে।
ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে ধৰ্মান্তৰকৰণৰ দলটোক উদ্ধাৰ কৰে।একেলগে ছটাকৈ তালাচী চলাই মুঠ ১০জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
তেওঁলোকক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে আৰু চাৰিজন লোকক আটক কৰে।এই সন্দৰ্ভত আগ্ৰা আৰক্ষী আয়ুক্ত দীপক কুমাৰে সম্প্ৰতি কয় যে, “অনলাইন গেম খেলাৰ অজুহাতত ধৰ্মান্তৰকৰণ গেঙৰ সদস্যসকলে যুৱক-যুৱতীসকলৰ স’তে কথা পাতিছিল। ইয়াৰ পাছত ব্ৰেইনৱাছিং হয়। পাকিস্তানৰ পৰা অহা হেণ্ডলাৰে তেওঁলোকক সহায় আগবঢ়ায়।”
এই গেঙৰ স’তে পাকিস্তানৰ দুজন হেণ্ডলাৰ তনবীৰ আহমেদ আৰু চাহিল নাদীমৰ মাজত যোগসূত্ৰ বিচাৰি পাইছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি এই ধৰ্মান্তৰকৰণ চক্ৰৰ মুৰব্বী হৈছে দিল্লীৰ বাসিন্দা আব্দুল ৰহমান আৰু গোৱা বাসিন্দা আয়েছা। তদন্তত এই কথাও পোহৰলৈ আহিছে যে গেংৰ সদস্যসকলে ইজনে সিজনৰ লগত আৰু পাকিস্তানী হেণ্ডলাৰৰ স’তে ডাৰ্ক ৱেবৰ জৰিয়তে যোগাযোগ কৰিছিল।
