হৰিদ্বাৰত মনসাদেৱী মন্দিৰত ভয়াৱহ দুর্ঘটনা, পদপিষ্ট হৈ মৃত কমেও ছজন 

IMG 20250727 104900

Stampede:✒️দেওবাৰে পুৱা হৰিদ্বাৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত পদপিষ্ট হৈ কমেও ছজন লোক নিহত হয়। বহু ভক্ত আহত হয়।

আজি পুৱা পূজাৰ বাবে মন্দিৰত সমবেত হৈছিল বহু ভক্ত। সূত্ৰ অনুসৰি, মন্দিৰলৈ যোৱা চিৰি বগাই যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে গড়ৱালৰ সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। তেওঁ কয় যে এই ঘটনাত কমেও ছজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

Exit mobile version