উত্তৰপ্ৰদেশৰ চিকিৎসালয় ভিতৰত ৰোগীক ইঞ্জেকশন দি অচেতন কৰি ধৰ্ষণৰ অভিযোগ!

1753699314 up rape

Rape: ✒️উত্তৰ প্ৰদেশৰ এখন চিকিৎসালয়ত ৰোগীক অচেতন কৰি ধৰ্ষণৰ কৰাৰ অভিযোগ। নিৰ্যাতিতা উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাত ভৰ্তি আছিল।

অভিযোগ অনুসৰি বিগত শনিবাৰে পুৱা এগৰাকী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অচেতন কৰি যুৱতীগৰাকীক ধৰ্ষণ কৰে।

ইতিমধ্যে এই ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।প্ৰাথমিক তদন্ত আৰু জেৰাৰ অন্তত শনিবাৰে পুৱা প্ৰায় চাৰি বজাত এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰিছে আৰক্ষীয়ে।

সেই সময়ত অভিযুক্ত চিকিৎসালয়ৰ কৰ্মীজনে নিৰ্যাতিতাক টোপনিৰ বেজী দিছিল। ইয়াৰ পাছতে মহিলাগৰাকী অচেতন হৈ পৰাত অভিযুক্তই ধৰ্ষণ কৰে।

সচেতন হৈ উঠাৰ পাছত ভুক্তভোগীয়ে বিষয়টো কৰ্তৃপক্ষক অৱগত কৰে। কিন্তু তেতিয়ালৈকে অভিযুক্তই চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল।

পাছত স্থানীয় থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। তেওঁৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰে।

বলৰামপুৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰৰ তত্বাৱধানত আৰক্ষীৰ এটা দলে অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে। সেই অভিযানত ধৰা পৰে অভিযুক্ত।

আৰক্ষী জোৱানসকলে তেওঁক জেৰা কৰি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে।

ইতিমধ্যে এই ঘটনাৰ পাছত যোৱা দুদিনত চিকিৎসালয় কৰ্তৃপক্ষ আৰু অন্যান্য কৰ্মচাৰীৰ স’তে কথা পাতি বহু তথ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে। লগতে ভুক্তভোগীৰ বক্তব্যও সংগ্ৰহ কৰিছে।

Exit mobile version