Saiyaara:বলিউদত হেনো ডাঙৰ তাৰকা অবিহনে ছবি হিট কৰাব নোৱাৰি। এনে ধাৰণাই বহুতে পোষণ কৰে। তদুপৰি বিগত কিছু বছৰ ধৰি বলিউদত তাৰকা সন্তানৰ আধিপত্য চলি আছে।
সেই বাবেই নিৰন্তৰ সমালোচনাৰ সন্মুখীন হৈ আছে বলিউদৰ নিৰ্মাতাসকল। যদিও ইয়াৰ মাজতে যেন ‘ছাইয়াৰা’ ছবিখন ধুমুহাৰ দৰে আহিল। মুক্তিৰ পূৰ্বে ছবিখনৰ বিশেষ প্ৰচাৰ নাছিল।
সেইদৰে দুই মুখ্য চৰিত্ৰত অভিনয় কৰা অহান পাণ্ডে আৰু অনীত পড্ডাও হৈছে নৱাগত। অথচ তেওঁলোকেই প্রথম ছবিৰেই বক্স অফিচত জোৱাৰ তুলিছে। স্বাভাৱিকতে চর্চা আৰম্ভ হৈছে অনীত আৰু অহানক কেন্দ্ৰ কৰি।
বলিউদৰ এই নতুন মুখক হৈ বহুতেই আশাবাদী। দুয়োকে ‘দীঘল দৌৰৰ ঘোঁৰা’ বুলি ইতিমধ্যেই বহুতে অভিহিত কৰিছে। যদিও ছবিখনৰ নায়িকা অনীতৰ কাণ্ড দেখি সামাজিক মাধ্যমত সমালোচনাৰ ঢৌও উঠিছে।
সম্প্রতি এখন ছেলুনৰ বাহিৰত দেখা যায় ‘ছাইয়াৰা’ ছবিৰ নায়িকা অনীতক। তেওঁ কেশ সজ্জা কৰি ওলাই আহিছিল। সেই সময়তে তেওঁৰ ফটো তুলিবলৈ আৰম্ভ কৰে একাংশ ফটোগ্রাফাৰে।
আনহাতে, ছেলুনৰ বাহিৰত একাংশ অনুৰাগীয়ে ফটো তুলিবলৈ চেষ্টা কৰোতে অনীতে হাতেৰে আঁতৰাই দিয়াৰ লগতে মুখত মাস্ক পিন্ধি লয়। তাৰ পাছতে দৌৰি যায় নিজৰ গাড়ীলৈ।
অভিনেত্ৰীৰ এই ব্যৱহাৰতে সমালোচনা হৈছে। সামাজিক মাধ্যমত কোনোবাই কৈছে, ‘এতিয়াই ইমান অহংকাৰ! পাছলৈ কি হ’ব?’ আকৌ কোনো কোনোৱে তেওঁৰ পক্ষও লৈছে। তেওঁলোকৰ মতে, ইমান প্ৰচাৰত থকাত অভ্যস্ত নোহোৱাৰ বাবেই হয়তো অভিনেত্ৰীগৰাকীয়ে ভয় খাইছিল।
উল্লেখ্য যে অভিনয় জগতত খোজ দিবলৈ আৰম্ভকৰিছেহে অনীতে। ‘ছাইয়াৰা’ৰ পূর্বে তেওঁ এখন অ’টিটি ছিৰিজত অভিনয় কৰিছিল।






























