বিদায়ী বর্ষটোত কেইখনমান ছবিয়ে বক্স অফিচত ব্যবসায়ৰ নতুন অভিলেখ ৰচিলেও সামগ্রিকভাবে বলিউডৰ বাবে বিশেষ আশাপ্রদ নাছিল। বর্ষটোত বলিউডত নির্মাণ কৰা প্রায় ২৪০ খন ছবি চিত্রগৃহ আৰু অ’টিটিত মুক্তি দিয়া হৈছিল।
ইয়াৰে মাত্র ১০ শতাংশ অর্থাৎ ২০-২৫খন ছবিয়ে বক্স অফিচত সফলতা অর্জন কৰিছিল। বাকী ৯০ শতাংশ বলিউডী ছবি ব্যৱসায়ৰ ক্ষেত্ৰত চৰম ব্যর্থ হ’ল। বিদায়ী বর্ষটোত বক্স অফিচত ব্যৱসায়ত নতুন অভিলেখ ৰচিলে আদিত্য ধৰ পৰিচালিত ছবি ‘ধুবন্ধব’-এ। এইখন বলিউডী ছবিয়ে দুই ডিচেম্বৰত মুক্তি লাভ কৰি বিশ্বজুৰি বর্তমানলৈকে ১০০০ কোটি টকাৰ অধিক ব্যৱসায় কৰিলে।
বছৰৰ দ্বিতীয়খন সর্বাধিক ব্যৱসায় কৰা ছবি ‘ছেইয়াৰা’ই বিশ্বজুৰি ৮০৮ কোটি টকা সংগ্রহ কৰিছিল। ‘ছেইয়াৰা’ নামৰ ছবিখনে ৫৭৫ কোটি টকাৰ ব্যৱসায়বে বিদায়ী বর্ষৰ তৃতীয়খন বাণিজ্যিক সফল ছবি হিচাপে পৰিচিত হৈছিল।
একেদৰে ‘হাউজফুল৫’-এ ২৯২ কোটি টকা, ‘চিতাৰে জমিন পৰ’-এ ২৬৮ কোটি টকা, ‘ ৰেইড২-এ ২৩৫ কোটি টকা, ‘থামা’ই ১৯১ কোটি টকা, ‘চিকন্দৰ’-এ ২০০ কোটি টকা, ‘জলি এলএলবি২’-এ ১৭০ কোটি টকা, ‘তেৰে ইস্ক মে’-এ ১৫৯ কোটি টকা, ‘স্কাই ফ’চ’-এ ১৫৫ কোটি টকা, ‘কেচৰি চেপ্টাৰ ২’-এ ১৪৩ কোটি টকা, ‘জাট’-এ ১১৭ কোটি টকা, ‘এক দিবানে কি দিয়ানিয়ত’-এ১১৩ কোটি টকা, ‘দে দে প্যাৰ দে-২’-এ ১১২ কোটি টকা, ‘ছানী সংস্কাৰী কি তুলসী কুমাৰী’-এ১০৩ কোটি টকা আৰু ‘মেট্র ইন দিনো’ই ৭২ কোটি টকাৰ ব্যৱসায় কৰিছিল।
বিদায়ী বৰ্ষত বলিউডৰ ২০০ ৰো অধিক ছবি চুপাৰ গ্রুপ হৈছিল। ফ্লপ হোৱা ছবিৰ মাজত। বৃহৎ বাজেটৰ কে’বাখনো ছবিও আছিল। হাত্বিক ৰোচন অভিনীত ‘ৱাৰ ২’ ছবিখন ৪০০ কোটিটকীয়া বাজেটেৰে নিৰ্মাণ কৰা হৈছিল যদিও এইখন ছবি বক্স অফিচত ছুপাৰ ফ্লপ হৈছিল।
একেদবে ‘ধড়ক ২’, ‘বাগি ৪’, ‘ফটেহ’, ‘দ্য বেংগল ফাইলছ’, ‘আজাদ’, ‘মেৰে হাজবেন্ড কি বিবি’, ‘লকয়াপা’, ‘গ্রাউণ্ড জিৰ’ৰ দৰে ছবি বিদায় বৰ্ষত বাণিজ্যিক দিশত ব্যর্থ হৈছিল।






























