Haryana:✒️বিজেপি শাসিত হাৰিয়ানাত এক ভয়ানক হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজন চি আৰ পি এফ জোৱানক। প্ৰাপ্ত তথ্য অনুসৰি, মৃত জোৱানৰ নাম কৃষ্ণ।
ছুটিত সুনিপথৰ গোহানা খেদি দামকান গাঁওত নিজৰ ঘৰলৈ আহিছিল তেওঁ । ইয়াৰ মাজতে দেওবাৰে গভীৰ নিশা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।
ঘটনাটো পোহৰলৈ অহাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে শেহতীয়াকৈ এমাহৰ ছুটী লৈ কৃষ্ণ নিজৰ গাঁৱৰ ঘৰলৈ উভতি আহিছে। দেওবাৰে মাজনিশা এক বজাত গাঁৱৰ একাংশ যুৱকে তেওঁক ঘৰৰ পৰা মাতি লৈ যায়।
তাৰ পাছত পুৱাৰ ভাগত তেওঁৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে দাবী কৰিছে যে শেহতীয়াকৈ কানোৱাৰ উপলক্ষে গাঁৱৰ একাংশ যুৱকৰ স’তে তেওঁৰ কাজিয়া হৈছিল। সেই কাজিয়াৰ বাবেই হ’ব পাৰে এই হত্যাকাণ্ড।
ঘটনাৰ পিছৰে পৰা গাঁওখনৰ অজয় আৰু নিশিকান্ত নামৰ দুই যুৱক পলাতক হৈ আছে।ঘটনাৰ পিছৰে পৰা গাঁওখনৰ অজয় আৰু নিশিকান্ত নামৰ দুই যুৱক পলাতক হৈ আছে।
এই দুই যুৱক কৃষ্ণৰ হত্যাকাণ্ডৰ স’তে জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে চি আৰ পি এফ জোৱানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আৰক্ষীয়ে অভিযুক্ত দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।উল্লেখ্য যে ,যোৱা বছৰ কৃষ্ণই চি আৰ পি এফত যোগদান কৰিছিল।






























