CRPF DG Visit in Zubeen Grag Residence:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি আঠদিন৷ প্ৰতিদিনেই অগণন লোক লোক শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাবৰ বাবে উপস্থিত হয় জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত৷
বৃহস্পতিবাৰে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হয় চিআৰপিএফৰ সঞ্চালক প্রধান জি পি সিং৷ হাৰ্টথব গৰাকীৰ বাসগৃহত অসমৰ প্ৰাক্তন ডিজিপি গৰাকী উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আৰু তাৰ পিছত জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ স’তে মতবিনিময় কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
কিছুসময় জুবিনৰ বাসগৃহত কটাই পুনৰ উভতি যায় চিআৰপিএফৰ সঞ্চালক প্রধান গৰাকীয়ে ৷ আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত সিঙে কয়, জুবিন গাৰ্গৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল। জুবিনৰ মৃত্যুত অসমৰ ৰাইজৰ লগত ময়ো দুখৰ সমভাগী, সেইকাৰণে আজি মই আহিছো’। অসমত ডিজিপি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ গীতৰ সুভাষ ল’বলৈ সুযোগ পাইছিলো ৷ তেওঁৰ গীতৰাজী অনন্য আৰু অদ্বিতীয় ৷ তেওঁ আমাৰ অন্তৰত সদায় সজীৱ হৈ থাকিব I






























