Healthy lifestyle:✒️দৈনন্দিন জীৱনৰ কিছুমান সহজ অভ্যাসেই সুস্বাস্থ্য আৰু দীর্ঘায়ুৰ চাবিকাঠি। প্রাচীন ভাৰতীয় আয়ুর্বেদ বিজ্ঞানে এই কথা কৈছে। আয়ুর্বেদত বর্ণনা কৰা নটা অভ্যাসে আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা অটুট ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
নৱৰত্ন পদ্ধতি কি?
খাদ্য খোৱাৰ আগতে গৰম পানী খাব লাগে: প্রতিটো মূল আহাৰ অৰ্থাৎ ব্রেকফাষ্ট, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ আগতে গৰম পানী পান কৰিলে হজম শক্তি বৃদ্ধি পায় আৰু পাচনতন্ত্র শক্তিশালী হয়।
নিশা ১১ বজাৰ আগত টোপনি: ৰাতি ১১ বজাৰ ভিতৰত টোপনি আহিলে মগজুৰ স্বাস্থ্য উন্নত হয় আৰু হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে।
প্রতিদিনে ৩০ মিনিট খোজ কঢ়া: দৈনিক কমেও ৩০ মিনিট খোজ কাঢ়িলে হৃদযন্ত্র, মগজু আৰু হাড়ৰ শক্তি বৃদ্ধি পায়।
ৰাতিপুৱাৰ ৰ’দ গ্ৰহণ কৰক: প্ৰতিদিনে পুৱাৰ মৃদু ৰ’দত ১৫ মিনিট বহি থাকিলে শৰীৰত ভিটামিন ডিৰ প্রাকৃতিক উৎসৰূপে কাম কৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।
খাদ্য লাহে লাহে আৰু ভালদৰে চোবাই খাব লাগে: লাহে লাহে আৰু সঠিকভাৱে খাদ্য চোবাই খালে হজম শক্তি উন্নত হয় আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে। ফলত শৰীৰ শিথিল হৈ পৰে।
শুই উঠাৰ পাছতে ধ্যান: অনিদ্রাত ভুগি থকাসকলৰ বাবে এই অভ্যাস অতি প্রয়োজনীয়। আধুনিক যুগৰ তুলনাত শুই উঠাৰ পাছতে ফোন, টিভি আদিৰ পৰা বিৰত থাকিলে মনটো শান্ত হৈ ভাল টোপনি যায়।
খালী পেটত ফল খোৱা: দিনৰ আৰম্ভণিতে খালী পেটত এবিধ ফল খালে শৰীৰৰ ভিতৰৰ পৰা পৰিষ্কাৰ হয় আৰু শক্তি প্রদান কৰে।
গভীৰ উশাহ লোৱাৰ ব্যায়াম: দৈনিক কমেও ১০ মিনিটৰ বাবে গভীৰ উশাহ লোৱাৰ অভ্যাস কৰিলে মানসিক চাপ, উদ্বেগ আৰু ৰক্তচাপ হ্রাস কৰাত সহায়






























