Brutal Murder In Chaygaon: ছয়গাঁৱৰ গণকপাৰাত নৃশংস হত্যাকাণ্ড

কনিষ্ঠ ভাতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক

murder 1

Brutal Murder In Chaygaon:

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত মাজ নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ | নতুনকৈ গঠন হোৱা বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ১ নং গণকপাৰাৰ গুপ্তমণি দাসে নিজ ভাতৃ পংকজ দাসক দাৰে ঘপিয়াই হত্যা কৰে ৷

জানিব পৰা মতে মৃত পংকজ দাসে প্ৰায়ে সুৰা সেৱন কৰি ঘৰত অত্যাচাৰ চলাই আহিছিল ৷ অতিষ্ঠ হৈ গুপ্তমণি দাসে পংকজ দাসক নিশা দাৰে ঘপিয়াই হত্যা কৰে । পুৱতি নিশা সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ খবৰ লাভ কৰিঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ হত্যাকাৰী গুপ্তমণি দাসক আটক কৰি ছয়গাঁও থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ।

আনহাতে হত্যাৰ বলি হোৱা পংকজ দাসৰ নিথৰ দেহটো আৰক্ষীয়ে ছয়গাঁও থানালৈ আনি পিচত মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷

Exit mobile version