Dibrugarh:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত খোৱাঙত ভয়ংকৰ ঘটনা

দোকানৰ সন্মুখত জ্বলাই দিলে ৰাষ্ট্ৰীয় পতাকা,দোষিক শাস্তিৰ দাবী কেইবাটাও দল-সংগঠনৰ

dibrugarh

Dibrugarh:

দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত ডিব্ৰুগড় জিলা খোৱাঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । মুছলমান সম্প্ৰদায়ৰ এজন লোকৰ দোকানৰ সন্মুখত জ্বলাই দিয়া হ’ল ৰাষ্ট্ৰীয় পতাকা । খোৱাং মাধকলিৰ মস্তিন আলী নামৰ লোকজনৰ দোকানৰ সন্মুখত বিক্ৰীৰ বাবে ৰাখি থোৱা কেইবাখনো ৰাষ্ট্ৰীয় পতাকা জ্বলি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

ৰাষ্ট্ৰীয় পতাকা দাহ কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে স্থানীয় দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । খোৱাং আৰক্ষীয়ে দোকানী মস্তিন আলী নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে পিছত ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে ৷ ইফালে ইয়াৰ পিছতে আজি খোৱাঙ আৰক্ষী থানাৰ সন্মুখত টাইপা, বীৰ লাচিত সেনা সহ কেইবাটাও দল সংগঠন একত্ৰিত হৈ ৰাষ্ট্ৰীয় পতাকা দাহৰ অভিযোগ উঠা মস্তিন আলীক শাস্তিৰ দাবী তোলে ।

Exit mobile version