Jorhat Honey Trapping:
ৰাজ্য কঁপাই যোৱা যোৰহাটৰ হানি ট্রেপিং কাণ্ডৰ অন্যতম অভিযুক্ত নন্দ কিশোৰ মুণ্ডাই উচ্চ ন্যায়ালয়ৰ আগতীয়া জামিনলৈও ৰক্ষা নপৰিল। পূৰ্বৰ এটা গোচৰত যোৱা নিশা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক। আজি যোৰহাট আৰক্ষীয়ে নন্দ কিশোৰ মুণ্ডাক মাৰাথন জেৰা কৰাৰ সমান্তৰালভাৱে যোৰহাটৰ গড়আলিত থকা তেওঁলোকৰ ৰাজমহল নামৰ হোটেলখনলৈ লৈ যায় আৰু কে’বাঘণ্টা জুৰি তালাচী চলায়।
উল্লেখ্য যে হানি ট্রেপিং কাণ্ডৰ সন্দৰ্ভত যোৰহাট সদৰ থানত কজু হোৱা ৩৫৭/২৫ নম্বৰত গোচৰ নন্দ কিশোৰ মুণ্ডাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱতীকালীন জামিন লৈ সোমবাৰে যোৰহাট সদৰ থানাত হাজিৰ হৈছিল। উল্লেখ্য যে এই কাণ্ডৰ অন্যতম অভিযুক্ত গজানন মুণ্ডাৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।
এক সূত্রই জনোৱা মতে, ঘটনাৰ মাষ্টাৰ মাইও গজানন মুণ্ডাইও উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে যদিও আজিলৈকে যোৰহাট সদৰ থানাত হাজিৰ হোৱা নাই। তদুপৰি, এই ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা পাৰভেছ আটক কৰাৰ পাছত যোৰহাট আৰক্ষীয়ে নটিছত এৰি দিছিল।
কিন্তু আৰক্ষীৰ নিৰ্দেশ অনুসৰি তেওঁ দুবাৰকৈ যোৰহাট সদৰ থানাত হাজিৰ হৈ আৰক্ষীক সহযোগিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত হুছেইনে যোৰহাটৰ পৰা পলায়ন কৰে। ইপিনে, ঘটনাত নাম সঙোৰ খাই পৰা যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনকো ন্যায়ালয়ে জামিন দিয়ে।






























