Sri Sri Khanikar Puthi Kirtan:
নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰ আৰু আই কনকলতা মহিলা তীৰ্থ,অসম’ৰ উদ্যোগত আৰু নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ সহযোগত উত্তৰ হয়বৰগাঁও বৰনামঘৰ প্ৰাংঙ্গনত ২৪ জুলাইৰ পৰা ২৭ জুলাইলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন,নাম-প্ৰসংঙ্গ, আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰে সামৰণি পৰে।
বৃহস্পতিবাৰে উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ সদস্যসকল,নগাঁও ছোৱালী কলেজৰ এন এচ এচ ইউনিটৰ যৌথ ভাৱে স্বচ্ছতা অভিযান, শুক্ৰবাৰে পুৱা ভাগত ধৰ্মধ্বজা উত্তোলন, পতাকা উত্তোলন,স্মৃতি তৰ্পন,বৃক্ষৰোপন,নাম- প্ৰসংঙ্গ,বিয়লি ভাগত খনিকৰ পুথি আদৰণি, সমূহীয়া বন্তি প্ৰজ্বলন,নিশা ভাগত নলবাৰীৰ শ্ৰীশ্ৰী বিষহৰি আঞ্চলিক নাগাৰা নাম দলৰ নাম পৰিবেশন, শণিবাৰে পুৱা নাম-প্ৰসংঙ্গ,বৰগীত পৰিবেশন অনুষ্ঠিত কৰাৰ লগতে বিয়লি ভাগত আলোচনা সভা অনুষ্ঠিত কৰা হয়।
শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন,আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেশ গোস্বামীৰ সভাপতিত্বত উদ্যাপন সমিতিৰ ক্ৰমে সাধাৰণ সম্পাদক আৰু উপ- সভানেত্ৰী তথা ‘আই কনকলতা মহিলা তীৰ্থ.অসম’ৰ সম্পাদক ড:অমিয় পাটৰে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি,উদ্বোধক আৰু আলোচক হিচাপে ক্ৰমে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী,নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ক্ৰমে অধ্যক্ষ ড: কুলেন দাস আৰু অৱসৰী সহযোগী অধ্যাপক ড: মঞ্জু লস্কৰে অসমৰ গোলাঘাটৰ খনিকৰ গাঁৱত শ্ৰীশ্ৰী খনিকৰ পুথি উৎপত্তি,সংৰক্ষণ, প্ৰচাৰ আদি প্ৰসংঙ্গৰে শ্ৰীশ্ৰী খনিকৰ পুথিৰ প্ৰাসংগিকতাৰ ভাষণ আগবঢ়ায়।
সেইদিনা সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতেই শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন পাঠ আৰম্ভ হয়। দেওবাৰে পুৱা শ্ৰীশ্ৰী খনিকৰ পুথি পৰবৰ্তী খণ্ড কীৰ্তন, নাম-প্ৰসংগ, অনুষ্ঠিত হয়। সামৰণিৰ নিশা ৮বজাৰ পৰা “দুৰ্যোধনৰ উৰুভঙ্গ” ভাওনা প্ৰদৰ্শনৰ প্ৰাক্ক্ষণত কবি-সাহিত্যিক আৰু গৱেষক নিজৰা শইকীয়াই বৰগীত পৰিবেশনেৰে ভাওনা প্ৰদৰ্শন অনুষ্ঠান মুকলি কৰে আৰু ভাওনা প্ৰদৰ্শনেৰে শ্ৰীশ্ৰী খনিকৰ পুথি ভাগৰ কাৰ্যসূচী সামৰণি পৰে।






























