Sri Sri Khanikar Puthi Kirtan:
নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰ আৰু আই কনকলতা মহিলা তীৰ্থ,অসম’ৰ উদ্যোগত আৰু নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ সহযোগত উত্তৰ হয়বৰগাঁও বৰনামঘৰ প্ৰাংঙ্গনত ২৪ জুলাইৰ পৰা ২৭ জুলাইলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন,নাম-প্ৰসংঙ্গ, আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰে সামৰণি পৰে।
শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন,আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠানৰ উদ্যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেশ গোস্বামীৰ সভাপতিত্বত উদ্যাপন সমিতিৰ ক্ৰমে সাধাৰণ সম্পাদক আৰু উপ- সভানেত্ৰী তথা ‘আই কনকলতা মহিলা তীৰ্থ.অসম’ৰ সম্পাদক ড:অমিয় পাটৰে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি,উদ্বোধক আৰু আলোচক হিচাপে ক্ৰমে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী,নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ক্ৰমে অধ্যক্ষ ড: কুলেন দাস আৰু অৱসৰী সহযোগী অধ্যাপক ড: মঞ্জু লস্কৰে অসমৰ গোলাঘাটৰ খনিকৰ গাঁৱত শ্ৰীশ্ৰী খনিকৰ পুথি উৎপত্তি,সংৰক্ষণ, প্ৰচাৰ আদি প্ৰসংঙ্গৰে শ্ৰীশ্ৰী খনিকৰ পুথিৰ প্ৰাসংগিকতাৰ ভাষণ আগবঢ়ায়।
