Samiul haque passes away:
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ২১বছৰীয়া ছামিউল হকে ৷ স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউল হকে চিকিৎসাধীন হৈ আছিল এপল’ হাস্পতালত ৷ আজি পুৱাভাগত প্ৰয়োজনীয় তেজৰ বাবে বীৰ লাচিত সেনাৰ বহু কেইজন কৰ্মকৰ্তাই ৰক্তদান কৰিছিল ৷
উল্লেখ্য যে,শনিবাৰে নিশা ছামিউল হকে স্বল্পখ্যাত অভিনেত্ৰী গৰাকীৰ বাহনে দক্ষিণ গাৱঁত খুন্দিয়াই৷ গুৰুতৰভাৱে আহত হকক ততাতৈয়াকৈ স্থানীয় লোকে নিশাই ভৰ্তি কৰিছিল জিএমচিএইছত ৷ চিকিৎসাধীন যুৱকজনৰ খবৰ লোৱা নাছিল আজি পৰ্যন্ত ৷ দিয়া নাছিল কোনো আৰ্থিক সাহাৰ্য ।
অৱশ্যে দিছপুৰ থানাৰ তলৱত সোমবাৰে থানাত হাজিৰ হৈছিল অভিনেত্ৰী গৰাকী। আৰক্ষীয়ে বহু সময় জেৰা কৰাৰ অন্তত যাবলৈ দিয়ে যদিও প্ৰয়োজন হ’লে পুনৰ থানালৈ আহিব লাগিব বুলি কোৱা হয় ৷শেহতীয়া খব অনুসৰি যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। দুৰ্ঘটনা সংঘটিত কৰা নন্দিনী কাশ্যপৰ বাহন ইতিমধ্যে জব্দ কৰিছে দিছপুৰ আৰক্ষীয়ে ।






























