নৱেম্বৰতে পৃথিৱী আক্ৰমণ কৰিব ভিন গ্ৰহৰ প্রাণীয়ে?

IMG 20250730 113253

Aline:✒️চলিত বর্ষতে পৃথিৱী ভিনগ্ৰহৰ প্ৰাণীৰ সংস্পৰ্শলৈ আহিব বুলি দাবী কৰিছিল বাবা ভাংগাৰে। বুলগেৰিয়াৰ ‘মহিলা নষ্ট্রাদামুচ’ৰূপে পৰিচিত দৃষ্টিশক্তিহীন ভৱিষ্যৎদ্রষ্টা বাবা ভাংগাৰৰ অনেক ভৱিষ্যদ্বাণী ইতিমধ্যে মিলিছে। তাতেই প্রশ্ন উঠিছে যে তেওঁৰ এই ভবিষ্যদ্বাণীও মিলি যাব নেকি?

কাৰণ ‘নিউ য়র্ক প’ষ্ট’ কাকতত প্রকাশিত এক প্রতিবেদনে সম্প্রতি তীব্র আলোড়ন তুলিছে। যোৱা ১৬ জুলাইত প্রকাশিত প্রতিবেদনত দাবী কৰা হৈছে যে এখন অতিকায় মহাকাশ যান পৃথিৱীৰ দিশে দ্রুতগতিৰে ধাৱমান হৈছে। হয়তো নৱেম্বৰতে সেইখন উপস্থিত হ’বহি সূৰ্যৰ সমীপত আৰু তাৰ পাছতে পৃথিৱীৰ দৃষ্টিৰ বাহিৰলৈ গুচি যাব। ধাৰণা কৰা হৈছে যে কেৱল চকু ৰখাই নহয়, তাৰ পাছত তেওঁলোকে পৃথিৱীত আক্রমণো কৰিব পাৰে।

যোৱা পহিলা জুলাইত প্রথমবাৰলৈ ‘৩আই/এটলাছ’ নামৰ এটা জ্যোতিষ্কক দেখা পায় বিজ্ঞানীসকলে। দেখা যায় যে সেই জ্যোতিষ্কই এক লাখ ৩০ হেজাৰ মাইল প্রতি ঘণ্টাৰ গতিবেগত ঢাপলি মেলি আহি আছে। আৱিষ্কাৰৰ পাছদিনাই বুজা গৈছিল যে সেইটো আছে আমাৰ সৌৰজগতৰ বাহিৰতে।

প্রাথমিকভাৱে ধাৰণা কৰা হৈছিল যে সেই জ্যোতিষ্কটো আচলতে এটা ধুমকেতু, যাৰ ব্যাস ১৫ মাইল। অর্থাৎ আকাৰত আমেৰিকাৰ মেনহাটন চহৰতকৈও ডাঙৰ।

ইয়াৰ পাছতে এক চমকপ্রদ দাবী কৰে গৱেষক এভি লোব, এডাম হিবাৰ্ব আৰু এডাম ক্রাউলে। তেওঁলোকে কয় যে ‘৩আই/এটলাছ’ কোনো প্রাকৃতিক বস্তু সম্ভৱতঃ নহয়। আনকি সেয়া ভিনগ্রহী প্ৰাণীৰ নিৰীক্ষণকাৰী প্ৰযুক্তিসম্পন্ন কোনো যান হ’ব পাৰে বুলিও তেওঁলোকে কয়।

এই তিনি গৱেষকৰ অন্যতম লোবে ইয়াৰ পূৰ্বে ২০১৭ত ‘অউমুয়ামুয়া’ নামৰ এক ‘ইণ্টাৰষ্টলাৰ’ (যি সৌৰজগতৰ বাহিৰৰ প্ৰতিনিধি) বস্তুকো ভিনগ্রহী প্ৰাণীৰ যান বুলি দাবী কৰিছিল। এইবাৰ লোবে দাবী কৰিছে যে এই ৰহস্যময় বস্তুটোও আচলতে ভিনগ্রহী প্রাণীৰে যান।

আশংকা কৰা হৈছে যে নৱেম্বৰত সূৰ্যৰ সবাতোকৈ কাষত উপস্থিত হৈ হঠাৎ ‘অদৃশ্য’ হৈ যোৱাটো একেবাৰে কাকতালীয় ঘটনা নহয়। বৰঞ্চ ইচ্ছাকৃতভাৱেই পৃথিৱীৰ বাসিন্দাৰ পৰা আঁৰত থকাৰ বাবেহে ‘অদৃশ্য’ হ’ব। লগতে তাৰ পৰা নিৰীক্ষণ কৰি থকাৰ অৰ্থ হ’ব পাৰে সেয়া হয়তো পৃথিৱী আক্ৰমণ কৰাৰ কৌশল। এই দাবীৰ পাছতে তোলপাৰ লাগিছে।

এটা বিষয় নিশ্চিত যে বস্তুটো ধুমকেতুৱেই হওক বা ভিনগ্রহী প্রাণীৰ যান, আগন্তুক নৱেম্বৰত সমগ্ৰ পৃথিৱীৰ বিজ্ঞানীসকলে সেই দিশতে দৃষ্টি ৰাখিব।

Exit mobile version