বেংগালুৰুত গ্ৰেপ্তাৰ আল কায়দাৰ মহিলা উগ্ৰপন্থী

কৰ্ণাটকৰ পৰা সংগঠনটোৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা কৰাৰ অভিযোগ

1753857115 terrorist

Terrorist:✒️গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী দলে আল কায়দাৰ সন্ত্ৰাসবাদী সংগঠনৰ স’তে জড়িত থকাৰ অভিযোগত বেংগালুৰুৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলাগৰাকীৰ নাম ছামা পাৰবীন। তেওঁৰ বয়স ৩০ বছৰ।

বুধবাৰে গ্ৰেপ্তাৰ হোৱাৰ পাছত গুজৰাটৰ গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হৰ্ষ ৰমেশভাই সংঘৱীয়ে দাবী কৰে যে মহিলাগৰাকী মৌলবাদী আৰু অনলাইন সন্ত্ৰাসবাদী সংগঠনৰ সংস্পৰ্শত আছিল বুলি অভিযোগ উঠিছে।

দৰাচলতে যোৱা কিছুদিনৰ পৰা গুজৰাটৰ এ টি এছে সন্ত্ৰাসবাদৰ সন্দেহত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে গুজৰাটৰ এ টি এছে জনাইছে,বেংগালুৰুলৈ গৈ তেওঁলোকে ছামাক গ্ৰেপ্তাৰ কৰিছে।

যুৱতীগৰাকীৰ মোবাইলত পাকিস্তানৰ কেবাজনো উচ্চপদস্থ বিষয়াৰ নম্বৰ পোৱা গৈছে।

প্ৰথমতে জনা যায় যে মহিলাগৰাকীয়ে তেওঁলোকৰ লগত নিয়মিতভাৱে যোগাযোগ ৰাখিছিল। উল্লেখ্য যে,ধৃত ছামা প্ৰকৃততে ঝাৰখণ্ডৰ বাসিন্দা । যোৱা তিনি বছৰে তেওঁ ভায়েকৰ স’তে বেংগালুৰুত এটা ঘৰ ভাড়া ঘৰত আছিল।

Exit mobile version