Tiranga Yatra:✒️সংসদত অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনাৰ সময়ত বিৰোধীক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে সেনাৰ বীৰত্বৰ জয়গান গাইছে চৰকাৰে । এইবাৰ সেই সফলতা সমগ্ৰ দেশক প্ৰদৰ্শনৰ বাবে বিজেপিয়ে দেশজোৰা ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।
এই কাৰ্যসূচীত সেনাৰ সফলতাৰ লগতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীৰ বাৰ্তা সংসদত দেশবাসীৰ আগত দাঙি ধৰা হ’ব। অহা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ বিজেপিৰ মণ্ডল পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈ অব্যাহত থাকিব এই ত্ৰিৰংগা যাত্ৰা।
বিজেপিৰ জনোৱা অনুসৰি,এই অভিযানৰ মূল উদ্দেশ্য দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ জোৱান সকলক সন্মান জনোৱা।
এই কাৰ্যসূচীৰ জৰিয়তে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ প্ৰতিখন গাঁও আৰু চহৰত শোভাযাত্ৰা উলিওৱা হ’ব।
এই শোভাযাত্ৰাত দেশৰ প্ৰতিৰক্ষা সঁজুলিৰ প্ৰশংসা কৰা বিভিন্ন প্লেকাৰ্ড থাকিব। এই কাৰ্যসূচীৰ অংশ হিচাপে সীমান্তত থকা সেনা চকীসমূহ পৰিদৰ্শন কৰি বিজেপিৰ হৈ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।
তদুপৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰ আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰা হ’ব।১৪ আগষ্টত দেশৰ দুখৰ স্মৃতিত বিজেপিয়ে মৌন শোভাযাত্ৰা উলিয়াব।
বিজেপিৰ সূত্ৰ অনুসৰি সমগ্ৰ দেশতে এই কাৰ্যসূচী সঠিকভাৱে ৰূপায়ণৰ দায়িত্ব বিজেপিৰ সাধাৰণ সম্পাদক সুনীল বংশালক প্ৰদান কৰা হৈছে। তেওঁৰ নেতৃত্বত প্ৰতিখন ৰাজ্যতে এখন আহ্বায়ক আৰু তিনিজনীয়া সমিতি গঠন কৰা হৈছে।
উল্লেখ্য যে,অপাৰেচন সিন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে বিৰোধী শিবিৰক তুলাধোনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ আলোচনা অধিৱেশন বাছি লৈছিল।
যোৱা দুদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ দৰে নেতাই সংসদত বক্তব্য ৰাখিছে।
য’ত শাসকীয় দলটোৱে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্রমণাত্মক আছিল । তথ্য অনুসৰি, এই কার্যসূচীত সংসদত মন্ত্রীসকলৰ ভাষণৰ কিছু অংশও জনসাধাৰণৰ আগত প্রদর্শন কৰা হ’ব।
প্ৰসংগক্ৰমে ২২ এপ্ৰিলত পহলগাম আক্ৰমণৰ পাছতে পাকিস্তানক পাঠ শিকাবলৈ ৬-৭ মে’ত সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। সেই আক্ৰমণত পাকিস্তান আৰু পাক অধিকৃত পাকিস্তান দখল কৰা কাশ্মীৰৰ নটা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়। এই আক্ৰমণত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হয়।
সেই সফলতাৰ পাছতে সেনাৰ সফলতাক উজ্জ্বল কৰি তুলিবলৈ বিজেপিয়ে ১৩ মে’ৰ পৰা ২৩ মে’লৈ দেশজোৰা ত্ৰিৰাংগা যাত্ৰা আৰম্ভ কৰে। এই ত্ৰিৰাংগা যাত্ৰাত সেনাৰ সফলতাৰ সমান্তৰালকৈ বিজেপিয়ে বিৰোধী শিবিৰকো লক্ষ্য কৰি ল’ব।
