৮.৮ মাত্রাৰ তীব্র ভূমিকম্পত কঁপি উঠিল ৰাছিয়া, জাৰি চুনামিৰ সতর্কতা

Earthquake Cover

Russia:✒️ৰাছিয়াত এক বৃহৎ ভূমিকম্প। ৮.৮ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল পূব ৰাছিয়াৰ কামচাটকা উপদ্বীপ। ভূমিকম্পৰ তীব্ৰতা ইমানেই বেছি আছিল যে আমেৰিকা আৰু জাপানকে ধৰি কেবাখনো দেশত কম্পন অনুভৱ কৰা হৈছিল।

এই ঘটনাৰ পাছত ৰাছিয়াৰ উপকূলীয় অঞ্চলত দেখা গ’ল বিশাল চুনামীৰ ঢৌ। যাৰ উচ্চতা আছিল প্ৰায় ১৩ ফুট। ঘটনাৰ পাছতে জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। উপকূলীয় অঞ্চলৰ পৰা মানুহ উলিয়াই অনাৰ কাম আৰম্ভ হৈছে।

কামচাটকা ভূমিকম্পৰ পাছত ৰাছিয়াৰ মন্ত্ৰী লেবেডেভে উপকূলৰ লোকসকলক তৎকালীনভাৱে ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে। আমেৰিকাৰ ছুনামী সতৰ্কবাণী ব্যৱস্থাই প্ৰকাশ কৰা অনুসৰি অহা তিনিঘণ্টাৰ ভিতৰত ৰাছিয়াত বৃহৎ চুনামীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

এই ভূমিকম্পৰ ফলত উত্তৰ-পশ্চিম হাৱাই দ্বীপপুঞ্জ আৰু ৰাছিয়াৰ উপকূলত ১০ ফুটতকৈও অধিক ঢৌৰ সৃষ্টি হ’ব বুলি দাবী কৰা হৈছে। ইয়াৰ উপৰিও ফিলিপাইনছ, চুউক, কছৰাই, আৰু মাৰ্শ্বেল দ্বীপপুঞ্জত তিনি ফুটতকৈ অধিক উচ্চতাৰ চুনামী ঢৌৱে আঘাত হানিব। উত্তৰ আৰু দক্ষিণ কোৰিয়া, জাপান, টাইৱানৰ বাবেও চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Exit mobile version