Borjhar:✒️ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠক কেন্দ্ৰ কৰি নিৰ্মাণ হ’বলগীয়া আদানীৰ এৰ’ চিটীৰ বাবে থলুৱা পৰিয়ালৰ সাতামপুৰুষীয়া ভূমি অধিগ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ মাজতে এই বৃহৎ প্ৰকল্পৰ বাবে বিমানকোঠৰ চৌপাশৰ চাৰে চাৰি হেজাৰ বিঘা ভূমি পর্যায়ক্রমে চৰকাৰে অধিগ্রহণ কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছে।
স্থানীয় লোকৰ ভাষ্য আৰু চৰ্চা অনুসৰি, কালিৰ ‘দৈনিক অগ্রদূত’ত প্রকাশিত ‘বৰঝাৰৰ চাৰে চাৰি হেজাৰ বিঘা আদানীলৈ’ শীর্ষক বাতৰিয়ে ৰাজ্যজুৰি তোলপাৰ লগাইছে। ইয়াৰ পাছতে পোহৰলৈ আহিছে যে এৰ’ টিটী নিৰ্মাণৰ বাবে ২০১৭তে কেন্দ্ৰীয় চৰকাৰে ৩,২২০ বিঘা মাটি বিচাৰিছিল।
এতিয়া অতি কৌশলৰে পর্যায়ক্রমে এই মাটিৰ উপৰি অতিৰিক্তভাৱে আৰু ১১-১২শ বিঘা মাটি অধিগ্রহণ কৰি সৰ্বমুঠ প্রায় চাৰে চাৰি হেজাৰ বিঘা মাটি আদানীক গতাই দিব বুলি বৃহত্তৰ অঞ্চলটোত চর্চা অব্যাহত আছে। উল্লেখ্য যে এৰ’ চিটী নিৰ্মাণৰ উদ্দেশ্যে ইতিমধ্যে বিমানকোঠৰ গাতে লাগি থকা তিনিখনকৈ ৰাজহ গাঁৱৰ ভূমি অধিগ্রহণৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে সংশ্লিষ্ট অঞ্চলৰ গাঁওবুঢ়াৰ জৰিয়তে প্রায় এহেজাৰ ভূমিৰ গৰাকীলৈ জাননী জাৰি কৰিছে।
এই জাননী লাভ কৰাৰ পাছতে গড়ল, আজাৰা আৰু মির্জাপুৰৰ কে’বা শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। তাৰ মাজতে চৰ্চালৈ আহিছে যে এয়া আৰম্ভণিহে আৰু সমগ্ৰ প্ৰকল্পৰ বাবে এইদৰেই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চাৰে চাৰি হেজাৰ বিঘা ভূমি থলুৱাৰ পৰা অধিগ্রহণ কৰি আদানীক চৰকাৰে গতাই দিয়াৰ চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি একাংশ স্থানীয় লোকে অভিযোগ কৰিছে।
ইফালে, কালি প্রসংগত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এক সংবাদমেল সম্বোধন কৰি কয় যে বিজেপিৰ ‘বন্ধু’ বুলি সততে অভিযোগ উত্থাপিত হৈ অহা আদানী গ্ৰুপৰ এৰ’ চিটী নিৰ্মাণৰ বাবে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠৰ সমীপত ১,১১৬টা পৰিয়ালৰ ৪১০ বিঘা ভূমি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্রহণ কৰিব।
মির্জাপুৰত ২৫৭ বিঘা ৯১.৫ লেচা, আজাৰাত ৮৩ বিঘা চাৰি কঠা ১৫ লেচা আৰু গড়লত ৭০ বিঘা ১৬ লেচা ভূমি অধিগ্রহণৰ বাবে চৰকাৰে জাননী জাৰি কৰিছে। এই তিনিখন ৰাজহ গাঁৱৰ ৰাইজৰ মাটি এতিয়ালৈকে বিমান বন্দৰৰ বাবে চাৰিবাৰ আৰু সেনা বাহিনীৰ বাবে এবাৰ অধিগ্রহণ কৰা হৈছে বুলি শইকীয়াই উল্লেখ কৰি কয়, ‘এতিয়া বহু পৰিয়ালৰ কেৱল ভেটি মাটিহে আছে।
এইবাৰ এৰ’ চিটীৰ নামত অধিগ্রহণ হ’লে বহু পৰিয়ালে নিজৰ ভেটি মাটিও হেৰুৱাব।’ লগতে তেওঁ কয়, ‘কেৱল এই তিনিখন গাঁৱৰ মাটিয়েই নহয় আৰু অন্য মাটিও পৰৱৰ্তী সময়ত অধিগ্রহণ হোৱাৰ পূর্ণ সম্ভাৱনা আছে। কিয়নো ২০১৭ তে ভাৰত চৰকাৰে এৰ’ চিটী নিৰ্মাণৰ বাবে দুহেজাৰ একৰ মাটি অসম চৰকাৰক বিচাৰিছিল অর্থাৎ ৩,২২০ বিঘা মাটি লাগে বুলি কৈছিল।’
ৰাইজৰ দলৰ নেতাজনে পুনৰ কয়, ‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আজাৰা ৰাজহ চক্ৰৰ অধীনৰ অঞ্চল জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। দ্রুতগতিত উন্নয়ন হৈ থকা অঞ্চলটো কৌশলৰে মুখ্যমন্ত্রী ড° শৰ্মাই নিজৰ সমষ্টিৰ অন্তর্ভুক্ত কৰি লোৱাৰ ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে।’ উল্লেখ্য যে যি সময়ত মুখ্যমন্ত্রীয়ে জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ আছে, সেই সময়ত মুখ্যমন্ত্রীয়ে নিজ সমষ্টিতে থলুৱাৰ ভেটি উছন কৰি আদানীক মাটি গতাই দিব বিচাৰিছে বুলি শইকীয়াই মন্তব্য কৰে। লগতে তেওঁ কয় যে ৰাজসাহায্যৰে নিৰ্মাণ কৰা হ’ব আদানীৰ বাবে এৰ’ চিটা।
এৰ’ চিটীৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল অসম বিনিয়োগ সম্মিলন ২.০৩। তেতিয়াই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে বিনিয়োগকাৰীক দিয়া হ’ব বিশেষ ৰাজসাহায্য সুবিধা। অর্থাৎ এতিয়া থলুৱাৰ ভেটি উছন কৰি ৰাজকোষৰ ৰাজসাহায্যৰে আদানীৰ এৰ’ চিটী নিৰ্মাণ কৰা হ’ব বুলি তেওঁ অভিযোগ কৰে।
শইকীয়াই কয়, ‘মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ জাতিক ৰক্ষা দিবলৈ সংখ্যালঘুৰ দখলত থকা অঞ্চলত উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে, কিন্তু সেই একেটা সময়তে আদানীক মাটি গতাই দিবলৈ ১,১১৬টা খিলঞ্জীয়া পৰিয়াললৈ ভূমি অধিগ্রহণৰ জাননীও প্ৰেৰণ কৰা হৈছে। একেটা সময়তে ধুবুৰীত উচ্ছেদ চলাই আছে আৰু আনফালে, কাৰ্বি আংলঙত আদানীক মাটি গতাই দিয়াৰ যো-জা চলাই আছে।’
বিজেপিৰ আমোলত অসমত আদানীৰ বেপাৰ-বাণিজ্য ৰকেট গতিত বাঢ়িছে বুলি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিজনে মন্তব্য কৰি বিজেপিৰ আমোলত আদানীৰ বাণিজ্যিক সম্প্ৰসাৰণৰ এক তালিকাও দাখিল কৰে। এই তালিকাত আছে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠ, ৮৪০ কোটি টকাৰ স্মার্ট মিটাৰৰ ঠিকা, এৰ’ চিটী, ধুবুৰীত ৩৫শ বিঘা ভূমিত তিনি হেজাৰ মেগাৱাটৰ তাপ বিদ্যুৎ প্রকল্প, কাৰ্বি আংলঙত ১২ হেজাৰ বিঘা ভূমিত সৌৰ শক্তি প্রকল্প, ন হেজাৰ বিঘা মাটিত ডিমা হাছাওত চিমেন্ট কোম্পানী আদি।
‘আদানী-আম্বানীৰ স্বাৰ্থক পৰিহাৰ কৰি অসমীয়াৰ স্বাৰ্থক অগ্রাধিকাৰ দিবলৈ দাবী কংগ্ৰেছৰ ইফালে, আদানী আৰু আম্বানীৰ স্বাৰ্থক পৰিহাৰ কৰি অসমীয়াৰ স্বাৰ্থক অগ্রাধিকাৰ দিবলৈ চৰকাৰক দাবী জনাইছে কংগ্রেছে। উল্লিখিত প্রসংগত বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই প্রতিক্রিয়া প্রকাশ কৰি কয় যে ইতিমধ্যে অধিগ্ৰহণৰ জাননী জাৰি কৰা মাটি আদানীক দিবলৈ চৰকাৰে অসম ঔদ্যোগিক উন্নয়ন প্রতিষ্ঠানৰ নামত অধিগ্রহণ কৰিবলৈ বিচাৰিছে।
পৰৱৰ্তী পর্যায়ত এআইডিচিয়ে মাটিখিনি নিজৰ নামত অধিগ্রহণ কৰি আদানীক গতাই দিব। ৰাজহুৱা ধনৰে নিৰ্মাণ কৰা গুৱাহাটী বিমান বন্দৰ ইতিমধ্যে ৫০ বছৰৰ বাবে আদানী গ্ৰুপক গতাই দিয়া হৈছে বুলি শইকীয়াই মন্তব্য কৰি এতিয়া এৰ’ চিটী নিৰ্মাণৰ নামত প্রায় ৪১০ বিঘা মূল্যবান মাটি আদানীক গতাই দিবলৈ বিচাৰিছে বুলি কয়।
তেওঁ কয়, ‘গড়ল, মির্জাপুৰ আৰু আজাৰা ৰাজহ গাঁৱৰ সাতামপুৰুষীয়া মাটি অধিগ্রহণ কৰি চৰকাৰে কেৱল নিজৰ নিৰ্দয়তা আৰু ৰূঢ়তাৰ প্ৰমাণ দিছে। ‘মই প্রথমে অসমীয়া’ বুলি বিধানসভাত কোৱা মুখ্যমন্ত্রীয়ে প্রকৃততে যে পুঁজিপতিৰ বাবে খিলঞ্জীয়া স্থিতি গ্রহণ কৰিবলৈও কোনো দিন পিছ হোঁহকি নাযায়, সেয়া কার্যত প্রমাণিত হৈছে।’
বহিৰাগত গুজৰাটী ব্যৱসায়ীক নিস্কণ্টক কৰি তুলিবলৈ থুলুৱাক এই চৰকাৰে হত্যা কৰিবলৈ বিচাৰিছে বুলি বিধানসভাৰ বিৰোধী দলপতিজনে অভিযোগ কৰি এয়া জনবিৰোধী আখ্যাৰে চৰকাৰক ধিক্কাৰ জনায়। প্রস্তাবিত এৰ’ চিটীয়ে দীপৰ বিলৰ লগতে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত কু-প্ৰভাৱ পেলাব বুলি শইকীয়াই মন্তব্য কৰি ‘আদানী আৰু আম্বানী’ৰ স্বাৰ্থক বাদ দি ‘অসম আৰু অসমীয়া’ৰ স্বাৰ্থক অগ্রাধিকাৰ দিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়।






























