Bokajan :
কাৰ্বি আংলঙৰ জিলাৰ বোকাজান মহকুমাৰ অসম -নগালেণ্ড সীমান্তৱৰ্তী খটখটী-লাহৰীজানত শীঘ্ৰেই হ’ব পাৰে বেদখলী ভূমিত উচ্ছেদ ৷
বুধবাৰে বোকাজান মহকুমা প্ৰশাসনে চলোৱা জৰীপ কাৰ্যই উচ্ছেদৰেই ইংগিত দিয়া বুলি বিশেষ চৰ্চা লাভ কৰিছে ৷ বোকাজান মহকুমাৰ সহকাৰী জিলা আয়ুক্ত কাকুমনি শইকীয়াই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা অনুসৰি অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জনোৱা আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰী কাৰ্যালয়ে জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচৰাত জিলা আয়ুক্তই বোকাজান মহকুমা প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়াৰ এখনি তিনিজনীয়া জৰীপ কমিটি গঠন কৰি দিয়ে ৷
সেই অনুসৰি বুধবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিশেষকৈ সীমান্তৰ খটখটী-লাহৰীজান অঞ্চলত অবৈধভাৱে আট্টালিকা,ব্যৱসায়িক প্ৰতিষ্ঠান ,মন্দিৰ-মছজিদ আদি অবৈধভাবে নিৰ্মাণ কৰা স্থানত হয় জৰীপ ৷ জৰীপৰ প্ৰতিবেদনৰ পাছতেই হয়তো প্ৰশাসনৰ বুলডজাৰ চলিব পাৰে খটখটী-লাহৰীজান অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ অবৈধ নিৰ্মাণৰ ওপৰত ৷






























