Kaziranga National Park:
এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰীয় উদ্যানে পুনৰ গৌৰৱৰ বাৰ্তা কঢ়িয়ালে। এই তথ্য প্রকাশ পাইছে বিশ্ব ব্যাঘ্র দিৱসৰ দিনা।
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰে তৃতীয় সর্বাধিক বুলি শেহতীয়া এক সমীক্ষাত পোহৰলৈ আহিছে। এই সমীক্ষাত পোহৰলৈ আহে যে ২০২৪ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ১৪৮ টালৈ বৃদ্ধি পায়। অর্থাৎ ঘনত্ব হিচাপত উদ্যানখনৰ প্ৰতি এশ বর্গ কিলোমিটাৰত ১৮.৬৫ টাকৈ বাঘ আছে। উদ্যানখনত বাঘৰ এই ঘনত্ব চিত্তাকর্ষক বুলি বিশেষজ্ঞসকলে আখ্যা দিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই শতাধিক বাঘ থকাৰ তথ্য পোহৰলৈ আহে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কর্তৃপক্ষ (এনটিচিএ) ৰ চতুৰ্থ পৰ্যায়ৰ নিৰীক্ষণ নীতি (প্রট’কল) ৰ অধীনত সম্পন্ন কৰা বাঘ গণনা সমীক্ষাত। এই সমীক্ষা চলাবলৈ উদ্যানখনৰ ১,৩০৭ বর্গকিলোমিটাৰ ভূমিত ৩৯৩ টা কেমেৰা স্থাপন কৰা হয় বুলি উদ্যানখনৰ বিষয়াবৰ্গই জানিবলৈ দিছে।
এই সম্পৰ্কত উদ্যানৰ এজন বিষয়াই সংবাদ মাধ্যমক কয়, ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া সংযোজন বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলত ২৭ টা বাঘ দেখা গৈছে। ইয়ে উদ্যানখনৰ সামগ্রিক বাঘৰ সংখ্যা বৃদ্ধিত বৰঙণি আগবঢ়ায়। উদ্যানখনৰ মূল পূব অসম বন্যপ্রাণী সংমণ্ডলৰ অধীনত বাঘৰ সংখ্যা ২০২২ৰ ১০৪ টাৰ পৰা ২০২৪ত ১১৫ টালৈ বৃদ্ধি পায়।
নগাঁও বন্যপ্রাণী সংমণ্ডলত বাঘৰ সংখ্যা স্থিৰ হৈ আছে। এই বন্যপ্রাণী সংমণ্ডলত ছটা বাঘ আছে।’ বিষয়াজনে লগতে জনোৱা মতে, উক্ত সমীক্ষা ১০৩ দিন ধৰি চলে। এই সমীক্ষাৰ সময়ত ১৩ লাখ ফটো তোলা হয়। ইয়াৰে ৪,০১১ খন বাঘৰ ফটো। এই ফটোসমূহৰ জৰিয়তে বিজ্ঞানীসকলে ১৪৮ টা প্রাপ্তবয়স্ক বাঘ চিনাক্ত কৰে।
এই প্রাপ্তবয়স্ক বাঘসমূহৰ ৮৩ জনী মাইকী আৰু ৫৫ টা মতা। ১০ টা বাঘৰ লিংগ অনির্ণেয় হৈ আছে। চোৰাং চিকাৰ ৰোধৰ বাবে কর্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ, বসতিস্থল একে ৰূপত ৰখা আৰু সামূহিক সংৰক্ষণ কৰ্মসূচীৰ সফলতাত উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পোৱা বুলি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড: সোণালী ঘোষে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত বুলি কর্তৃপক্ষই প্রকাশ কৰিছে। ২০২২-২৩ৰ গণনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত ৫৭ টা বাঘ আছে। কর্তৃপক্ষৰ মতে, যোৱা দুটা বছৰত উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্রবল। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় |
