গুজৰাটৰ আমৰেলীত তিনিটা সিংহ পোৱালিৰ মৃত্যু!বিশেষ নিৰীক্ষণত বন বিভাগৰ 

IMG 20250731 144527

Lion: ✒️গুজৰাটৰ আমৰেলীত তিনিটা সিংহৰ পোৱালিৰ মৃত্যু। ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰাজ্যখনৰ বন বিভাগে কেবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।

বৰ্তমান আমৰেলী জিলাত নটা সিংহ (তিনি মাইকী সিংহ আৰু ছটা পোৱালি) আছে। বৰ্তমান সিংহকেইটাক আছুতীয়াকৈ ৰখা হৈছে।

তিনিটা সিংহৰ পোৱালিৰ মৃত্যুৰ পাছতে অত্যন্ত সতৰ্ক বন বিভাগ। ইতিমধ্যে আমৰেলী জিলাৰ বাকী থকা সিংহৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। নমুনা পৰীক্ষাৰ পিছতহে গম পোৱা যাব যে তেওঁলোকৰ কোনো সংক্ৰামক ৰোগ নে আন সমস্যা ।

তদুপৰি পৰিস্থিতিৰ বুজ ল’বলৈ জুনাগড়ৰ পৰা পশু চিকিৎসকৰ এটা দল আমৰেলীলৈ প্ৰেৰণ কৰা হৈছে।বন বিভাগৰ সূত্ৰ অনুসৰি আমৰেলী জিলাত বিগত তিনিদিনত তিনিটা সিংহৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ইয়াৰে দুটা পোৱালি ২৮ জুলাইত আৰু তৃতীয়টোৰ মৃত্যু হয় ৩০ জুলাইত।কিন্তু মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বনমন্ত্ৰী মুলুভাই বেৰাই জনাইছে, “তেজৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব।”

Exit mobile version